HAWALI:হাউলী আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ খন্দকাৰ পাৰাত জুৱা খেলি থকাৰ সময়তে মাজতে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত কালি নিশা অভিযান চলায় । হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত হাউলীৰ হাজীপাৰাৰ হানিফ আলী, জিয়াৰুল তালুকদাৰ, আব্দুল ৰেজ্জাক, খন্দকাৰপাৰৰ আব্দুল ৰহমান আলী, চামচুল হ’ক আৰু আব্দুল ৰহমানক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজনৰ পৰা নগদ ১২,৯৫০ টকাৰ লগতে ছয়টা মোবাইল ফোনসহ জুৱাৰ সামগ্ৰী জব্দ কৰিছে । উল্লেখ্য যে, আৰক্ষীৰ অভিযান চলোৱা অঞ্চলটোত দীৰ্ঘদিন ধৰি জুৱাৰী কেইজনে বৃহৎ জুৱা স্থাপন কৰি আহিছিল বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছে । যাৰ ফলত অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট হৈ পৰিছিল । আটকাধীন ছয়জনকে হাউলী আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।