বিদেশত বৰ্ণ বৈষম্যৰ বলি অভিনেত্ৰী তানিছা

মেৰিকাৰ নিউয়ৰ্কৰ এক অনুষ্ঠানত অংশ লবলৈ গৈ বৰ্ণ বৈষম্যৰ সন্মুখীন হ’ল অভিনেত্ৰী তানিছা। যোৱা সপ্তাহত তানিছাই ‘ক্ৰাই আমেৰিকা ছেৰিটী গালা’ নামৰ এক অনুষ্ঠানত অংশ লবলৈ নিউয়ৰ্কলৈ গৈছিল । যোৱা শনিবাৰে নিশা অভিনেত্ৰী গৰাকীয়ে নিউয়ৰ্কত থকা তেওঁৰ বন্ধু – বৰ্গৰ স’তে এখন পানশাললৈ গৈছিল । এই পানশালাতে বৰ্ণ বৈষম্যৰ বলি হয় তানিছা। অভিনেত্ৰী গৰাকীয়ে অভিযোগ কৰা মতে ,হোটেলৰ এজন কৰ্মচাৰীয়ে তেওঁক প্ৰত্যক্ষ কৰা পাছত অসংগতিপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল ।আফ্ৰিকান-আমেৰিকান বংশোদ্ভূত কৰ্মচাৰীজনে কৈছিল ‘দেখি ধাৰণা হৈছে নতুন আৰু ইংৰাজী ভাষা নকয়।’ বিদেশৰ ভূমিত হোটেল কৰ্মচাৰীৰ এনে আচৰণত হতভম্ব হৈ তানিছাই হোটেল কৰ্তৃপক্ষক খবৰ দিয়ে । কিন্তু কৰ্তৃপক্ষই তেওঁক কোনো সহায় নকৰিলে বুলি অভিযোগ কৰে অভিনেত্ৰী গৰাকীয়ে । পাছত বন্ধুৰ স’তে উক্ত হোটেল ত্যাগ কৰিব’লৈ বাধ্য হয় তানিছা। ছ’চিয়েল মেডিয়াৰ জৰিয়তে তানিছাই নিউয়ৰ্কত লাভ কৰা এই তিক্ত অভিজ্ঞতাৰ কথা ৰাজহুৱা কৰিছে । উল্লেখ্য যে তানিছা বলিউড অভিনেত্ৰীৰ ভগ্নী ।

Exit mobile version