সম্প্রতি প্রকাশিত ‘আর্টন কেপিটেল’ৰ ‘গ্ল’বেল চিটিজেন: এন্ট্রাপ্ৰনৰশ্বিপ, ম’বিলিটি এণ্ড দ্য আলট্রা বেলডি’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বৰ প্ৰতি পাঁচজন অতি ধনী ব্যক্তিৰ মাজত এজন বিদেশী বংশোদ্ভূত।
এই বিশ্বব্যাপী পৰিৱৰ্তনৰ একেবাৰে প্ৰথম শাৰীত আছে ভাৰতীয়সকল। ভাৰতীয়ৰ সম্পদ এতিয়া কেৱল দেশৰ নিৰ্দিষ্ট কোনো সীমা আবদ্ধ নাই, বৰঞ্চ বিশ্বৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰিছে। আমেৰিকাত বিদেশী বংশোদ্ভূত অতি ধনীৰ মাজত জন্মসূত্ৰে ভাৰতীয়ৰ সংখ্যা অধিক হৈছে। তথ্য প্রযুক্তি আৰু বিত্তীয়-বিনিয়োগ খণ্ডত ভাৰতীয়ৰ দদপনি বাঢ়িছে।
একেবাৰে লণ্ডনত বিদেশী ধনকুবেৰৰ মাজতো অন্যতম বৃহৎ অংশ হৈছে ভাৰতীয় বংশোদ্ভূতসকল। ‘দ্য ৱেলথ ৰিপ’ৰ্ট ২০২৬’ৰ প্রতিবেদনৰ তথ্য মতে বর্তমানে ভাৰতত ১৯,৮৭৭ জন অতি ধনী ব্যক্তি আছে আৰু তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০ নিযুত ডলাৰ অৰ্থাৎ ২৮২.৭৫ কোটি টকাৰো অধিক।
এনে অতি ধনাঢ্য ভাৰতীয়ৰ সংখ্যা ২০৩১ বর্ষলৈ ২৫,২১৭ জনলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। একেদৰে অর্বুদপতিৰ সংখ্যাও বৰ্তমানৰ ২০৭ৰ পৰা ২০৩১৩ ৩১৩ জনলৈ বৃদ্ধিৰ সম্ভাৱনা আছে বুলি একেটা প্রতিবেদনত উল্লেখ কৰিছে।
অর্থাৎ পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। দেশত প্রযুক্তি, উদ্যোগ আৰু শ্বেয়াৰ বজাৰত সম্পদ বৃদ্ধিৰ দ্রুততাৰ কাৰণত ভাৰতত আগন্তুক পাঁচ বছৰত অতি ধনী লোকৰ সংখ্যা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে।































