Narendra Modi:✒️নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে অহা ২৮ এপ্ৰিলত শ্বিলঙ(Shillong)ৰ কুৰকালাঙত নিৰ্মিত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিখন ভার্চুৱেল মাধ্যমে উদ্বোধন কৰিব।
উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া গাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই আধুনিক একাডেমিখনে অঞ্চলটোৰ উদীয়মান ক্ৰীড়াবিদসকলক উন্নত প্ৰশিক্ষণ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
বিশেষকৈ বতৰজনিত বাধা নোহোৱাকৈ বছৰজুৰি অনুশীলনৰ সুবিধা নিশ্চিত কৰাত এই ইণ্ডোৰ সুবিধাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে একেদিনাই উত্তৰ-পূৱৰ ছখন ৰাজ্যত নিৰ্মিত কেবাখনো ইণ্ডোৰ ষ্টেডিয়ামো ভার্চুৱেলি উদ্বোধন কৰিব।
এই পদক্ষেপে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰত দীৰ্ঘম্যাদী উন্নয়ন আৰু প্ৰতিভা বিকাশত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই উদ্যোগে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া গাঁথনি বিস্তাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।






























