ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমান পাকিস্তানীসকলৰ মাজতো চৰ্চাৰ বিষয়ত পৰিণত হৈছে । পাকিস্তানৰ এখন চাহৰ বিপণীত অভিনন্দন ফটো সম্বলিত বেনাৰ লগোৱা ঘটনাই ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেনাৰখনত অভিনন্দনৰ ফটো স’তে এইদৰে শ্ল’গান দিয়া হৈছে ‘এনে চাহে শত্ৰুকো মিত্ৰ বনায়’ । পাকিস্তানৰ কোন অঞ্চলৰ চাহৰ বিপণীত ভাৰতীয় উইং কমাণ্ডৰজনৰ ফটো সম্বলিত বেনাৰখন ব্যৱহাৰ কৰা হৈছে সেয়া প্ৰকাশ পোৱা নাই যদিও টুইটাৰত ওমৰ ফাৰুক নামৰ এজন ব্যক্তিয়ে এই ফটোখন প্ৰথমে শ্বেয়াৰ কৰে আৰু পাছতে ছ’চিয়েল মিডিয়াত ফটোখন ভাইৰেল হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে পাকিস্তানৰ এটা জনপ্ৰিয় ব্ৰেণ্ডৰ চাহৰ বিজ্ঞাপনতো অভিনন্দনৰ ভিডিঅ’ ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে পাছত এই বিজ্ঞাপন ভুৱা বুলি জানিব পৰা গৈছিল ।
চাহৰ বিজ্ঞাপনৰ ভুৱা ভিডিঅ’ৰ পাছত প্ৰতিষ্ঠানৰ চাহৰ দোকানত অভিনন্দনৰ ফটো
-
By admin
- Categories: News
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026