ইথিউপিয়ান এয়াৰলাইন্সৰ বিমান দূৰ্ঘটনাৰ পৰিণতিত ভাৰতত ব’য়িং 737 মেক্স বিমানৰ যোগান নিষিদ্ধ কৰিলে অসামৰিক বিমান পৰিবহন বিভাগে। পৰিৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই বিমানৰ সেৱা বন্ধ থাকিব । যোৱা নিশা ডি জি চি এয়ে এক নিৰ্দেশনা জাৰি কৰি এই কথা প্ৰকাশ কৰে। প্ৰয়োজনীয় আধুনিকীকৰণ আৰু যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ পাছতহে এনে বিমানৰ সেৱা পুনৰ আৰম্ভ কৰাৰ অনুমতি দিয়া হব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উল্লেখ্য যে ভাৰতৰ দুই বেচৰকাৰী বিমান পৰিবহন সংস্থা স্পাইচ জেট আৰু জেট এয়াৰৱেজৰ কে’বাখনো ব’য়িং 737 মেক্স বিমান আছে । যোৱা দেওবাৰে ইথিউপিয়ান এয়াৰলাইন্সৰ এখন ব’য়িং 737 মেক্স বিমান মাজ আকাশত দূৰ্ঘটনাগ্ৰস্ত হোৱাত 157 যাত্ৰী নিহত হৈছিল । ইয়াৰ পাছতে জাৰ্মানী, ফ্ৰান্স, ব্ৰিটেইন, ছিংগাপুৰ,চীন, মালয়েছিয়া , দক্ষিণ কোৰিয়া আৰু অষ্টেলিয়াই ব’য়িং 737 মেক্স বিমানৰ সেৱা নিষিদ্ধ কৰে।
ভাৰতত নিষিদ্ধ হ’ৱ ব’য়িং 737 মেক্স বিমান
-
By admin

- Categories: News
Related Content
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
By
publisher
April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026