কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ নৌকা যাত্ৰাৰ খবৰ সংগ্ৰহ কৰিব’লৈ যোৱা সাংবাদিকসকলৰ নাও কথমপি ডুব যোৱাৰ পৰা ৰক্ষা পৰে। আজিৰ পৰা প্ৰিয়ংকাই নৌকা যাত্ৰা আৰম্ভ কৰিছে। গংগা নৈৰে তেওঁ প্ৰয়োগৰাজৰ পৰা বাৰানসীত উপস্থিত হব। স্বাভাৱিকতে এই নৌকা যাত্ৰাৰ খবৰ সংগ্ৰহৰ বাবে প্ৰিয়ংকাৰ স’তে সাংবাদিক যাবই লাগিব । গতিকে সাংবাদিকৰ বাবে এখন নাও যোগাৰ কৰা হ’ল। প্ৰিয়ংকাৰ যাত্ৰা আৰম্ভ হয় প্ৰয়োগৰাজৰ পৰা ২০কিলোমিটাৰ নিলগৰ মানায়িয়া ঘাটৰ পৰা। কিন্তু সাংবাদিকৰ বাবে এখন নাও যোগাৰ কৰিলেও বহু কংগ্ৰেছ নেতা-কৰ্মীৰ বাবে নাও নাছিল । কৰ্তব্যৰ খাতিৰত বহু সংখ্যক সাংবাদিক নাওখনত উঠিল । প্ৰিয়ংকাৰ যাত্ৰা আৰম্ভ কৰাৰ লগে লগে সাংবাদিকৰ নাওখনো যাত্ৰাৰ বাবে সাজু হ’ল। কিন্তু তেতিয়া একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে সাংবাদিকৰ বাবে যোগাৰ কৰা নাওখনত জপিয়াই উঠে। লগে লগে নাওখন ডুব যোৱাৰ উপক্ৰম ঘটে। নাৱৰীয়াই চিঞৰিবলৈ ধৰে। অৱস্থা এনে হয় যে নাওখন বাগৰি পৰাই আশংকা প্ৰকট হ’বলৈ ধৰে। তেতিয়াই নাৱৰীয়াই দিহা দিলে যে কমেও ২০ জন লোকে নাৱৰ পৰা নামি যাব লাগিব । অন্যথা নাওখন বাগৰি পৰা নিশ্চিত । সেয়েহে উপায়ন্তৰ হৈ কমেও ২০জন নেতা-কৰ্মীয়ে অনিচ্ছা সত্বেও নাৱৰ পৰা নামি যায় । তেতিয়াহে নাওখন স্বাভাৱিক অৱস্থালৈ আহে। কিন্তু ইয়াতে বিপদৰ অন্ত নপৰিল। নৈৰ সোঁমাজত নাওখনৰ ইঞ্জিন বিকল হৈ পৰাৰ ফলত নাওখনত সাংবাদিক আৰু অন্যান্যসকলৰ মাজত ৰুদ্ধশ্বাস পৰিৱেশৰ সৃষ্টি হয় ।
প্ৰিয়ংকাৰ নৌকা যাত্ৰা : দুটা অঘটনৰ পৰা কথমপি প্ৰাণৰক্ষা সাংবাদিকৰ
-
By admin

- Categories: News, Politics
- Tags: Loksabha ElectionPoliticsPriyanka Gandhi
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026