অৰুণাচল প্ৰদেশৰ পাছত লোকসভা নিৰ্ব্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰা বিজেপিতো খহনীয়াৰ সৃষ্টি হৈছে । দলৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি সুবল ভৌমিকে আজি দল ত্যাগ কৰে। অচিৰে তেওঁ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা হৈছে । ভৌমিকৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ আসন্ন লোকসভা নিৰ্ব্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । অলপতে ভৌমিকে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি প্ৰদ্যৎ কিশোৰ মাণিক্যৰ স’তে এক আলোচনাত মিলিত হয় । এই আলোচনাতে তেওঁক কংগ্ৰেছে পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰাৰ্থীত্ব দিব বুলি মাণিক্যই প্ৰতিশ্ৰুতি দিয়ে। মাণিক্য পূৰ্বে কংগ্ৰেছ বিধায়ক আছিল । 2015ত তেওঁ বিজেপিত যোগদান কৰি ৰাজ্যখনত দলৰ সাংগঠিনক ভেটি শক্তিশালী কৰাত অন্যতম ভূমিকা পালন কৰে। লক্ষ্যণীয় যে শেহতীয়াভাৱে অৰুণাচল প্ৰদেশতো বিজেপিত খহনীয়া আৰম্ভ হৈছে । কিছুদিন পূৰ্বে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে পদত্যাগ কৰে।
ত্ৰিপুৰা বিজেপিত খহনীয়া : ৰাজ্যিক উপ-সভাপতিৰ পদত্যাগ
-
By admin

Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026