অভিনেতা-অভিনেত্ৰীৰ গ্লেমাৰ চাই ভোট নিদিব।কংগ্ৰেছলৈ উৰ্মিলা মাতণ্ডকাৰ

Bollywood Actress Urmila Matondkar joins Congress 1আসন্ন লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে কংগ্ৰেছত যোগদান কৰিলে অভিনেত্ৰী-নৃত্যাংগনা উৰ্মিলা মাতণ্ডকাৰে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ স’তে হোৱা এক আলোচনাৰ পাছতে অভিনেত্ৰীৰাকীয়ে আজি বিৰোধী দলটোত যোগদান কৰে। ৰাহুলে তেওঁক ফুলৰ থোপাৰে দললৈ আদৰণি জনায়। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে, সম্পতি 45 বছৰীয়া উৰ্মিলাই মুম্বাইত দলীয় প্ৰাৰ্থীত্ব লাভ কৰিব । কংগ্ৰেছত যোগদানক সক্ৰিয় ৰাজনীতি দিশে এখোজ বুলি উৰ্মিলাই আখ্যা দিছে। তেওঁৰ পৰিয়ালে গান্ধী-নেহেৰুক আৰু চৰ্দাৰ পেটেলৰ আদৰ্শক অনুসৰণ কৰে বুলি মন্তব্য কৰি উৰ্মিলাই কয়,’ গান্ধী নেহেৰু আদৰ্শক অনুসৰণ কৰা এটা পৰিয়ালৰ পৰা মই আহিছো। মোৰ পৰিয়াল শিক্ষাসদী যদিও মই ছবি জগতৰ স’তে জড়িত হ’লো। কিন্তু শিশুকালৰে পৰা মোৰ সামাজিক সজাগতা আছে ।’ নিৰ্ব্বাচনত অভিনেতা-অভিনেত্ৰীক গ্লেমাৰ চাই ভোট নিদিবলৈ উৰ্মিলাই ৰাইজক আহ্বান জনায়। আনহাতে, এইবাৰ মুম্বাইৰ ছটা সমষ্টিৰে নিৰ্ব্বাচন অহা 29 এপ্ৰিলত অনুষ্ঠিত হব। যদি উৰ্মিলাই মুম্বাইৰ নৰ্থ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰে , তেন্তে তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব বিজেপি সাংসদ গোপাল ছেট্ৰী।

Exit mobile version