বিজেপিলৈ অভিনেত্ৰী জয়া প্ৰদা

images 3 1

 মোদীৰ অধীনত কাম কৰিবলৈ পাই সুখী হৈছো

লোকসভা নিৰ্ব্বাচন আৰম্ভ হোৱালৈ মাথোঁ কিছুদিন বাকী থকা অৱস্থাত প্ৰাক্তন সাংসদ তথা প্ৰবীণ অভিনেত্ৰী জয়া প্ৰদাই যোগদান কৰিলে বিজেপিত। সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীৰূপে উত্তৰ প্ৰদেশৰ ৰামপুৰৰ পৰা 2004 আৰু 2009 ত লোকসভালৈ নিৰ্ব্বাচিত অভিনেত্ৰীগৰাকীয় বিজেপিত যোগদানক জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰূপে অভিহিত কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত কাম কৰিবলৈ পোৱাটো সন্মানৰ বিষয়ৰূপেও তেওঁ আখ্যা দিছে। বিজেপিয়ে জয়া প্ৰদাক ৰামপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সমষ্টিটোত সমাজবাদী পাৰ্টিৰ পৰা বহু বিতৰ্কিত ৰাজনীতিক আজম খানে প্ৰতিদ্বন্দ্বিতা কৰিছে । উল্লেখ্য যে 1994ত তেলেগু দেশম পাৰ্টিৰ জৰিয়তে জয়া প্ৰদা ৰাজনীতিলৈ আহে। কিন্তু দলৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ স’তে ঘটা মনোমালিন্যৰ বাবে তেওঁ সমাজবাদী পাৰ্টিত যোগদান কৰে। কিছু বছৰ পূৰ্বে সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ম সিং যাদৱৰ স’তেও তেওঁৰ মতানৈক্য ঘটে। ইয়াৰ পৰিণতিত মুলায়মে জয়াৰ লগতে দলৰ জেষ্ঠ নেতা অমৰ সিঙক দলৰ পৰা বহিষ্কাৰ কৰে। যোৱা মাহত মুম্বাইত এক সাহিত্য উৎসৱৰ অনুষ্ঠানত আজম খানৰ বিৰুদ্ধে জয়াই এক গুৰুতৰ অভিযোগ উৎত্থাপন কৰে। অনুষ্ঠানত তেওঁ কয়, ‘ আজম খানে মোক নিৰ্যাতন চলাইছিল । এটা দলৰ সাংসদ হৈয়ো মই ৰক্ষা পোৱা নাছিলো । মই জীয়াই থাকিম নে নাথাকিম তাৰ কোনো নিশ্চয়তা নাছিল ।’

Exit mobile version