আৰ্থিক দৈন্যতা আৰু অজ্ঞানতাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা প্ৰত্যেকদিনেই বহু শিশু, কিশোৰ কিশোৰী আৰু মহিলাক এটা দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ সৰবৰাহ কৰাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । আজি ৰঙিয়া ৰেল আৰক্ষীয়ে স্টেচনত টহল দি থকা অৱস্থাতে স্টেচনৰ এটা চুকত এগৰাকী কিশোৰী আৰু ১২/১৩ বছৰীয়া দুজন কিশোৰক আমন জিমনকৈ বহি থকা দেখা পাই সন্দেহ ওপজে। লগে লগে তেওঁলোকক জি আৰ পি থানালৈ লৈ যায় । ৰেল আৰক্ষীয়ে তেওঁলোকক সোধাপোছা কৰাত ওৰহী গছৰ ওৰ ওলায় । কিশোৰ কিশোৰী সকলৰ ভাষ্য অনুসৰি তেওঁ লোকৰ গাওঁৰ এজনী মহিলা আৰু তেওঁৰ পুত্ৰই কৰ্ম সংস্থাপনৰ প্ৰলোভন দি তেওঁলোকক নতুন দিল্লীলৈ লৈ যোৱাৰ বাবে আজি পুৱা বিশ্বনাথ চাৰিআলিৰ পৰা ৰেলেৰে ৰঙিয়া আহি উপস্থিত হয়।তেওঁলোকক আজি নামনীমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছৰে নতুন দিল্লীলৈ লৈ যোৱাৰ কথা আছিল যদিও ৰেল আৰক্ষীৰ তৎপৰতাত বিপদৰ পৰা ৰক্ষা পৰে। কিশোৰ কিশোৰী সকলৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ৰঙিয়া ৰেল স্টেচনৰ অন্য এটা অংশৰ পৰা প্ৰবীণ ওৰাং আৰু তেওঁৰ মাতৃ লুছিতা হেমব্ৰমক আটক কৰে ।আটকাধীন মানব সৰবৰাহকাৰী দুজনে তিনিজন কিশোৰ কিশোৰীক দিল্লীত অধ্যয়নৰ বাবে লৈ যোৱাৰ বাবে ৰঙিয়ালৈ আহে বুলি কৈ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলায়। অৱশ্যে কিশোৰ কিশোৰী তিনিজনে সংস্থাপনৰ বাবে দিল্লীলৈ যাব ওলোৱা বুলি আৰক্ষীক অবগত কৰে। মানব সৰবৰাহকাৰীৰ দলটোৱে কিশোৰ কিশোৰী সকলৰ বয়স ক্ৰমে ১৮, ১৯ আৰু ২৩ বছৰলৈ বঢ়াই ভুৱা (স্কেন কৰা) ভোটাৰ পৰিচয় পত্ৰ লগত দি দিয়ে। আৰক্ষীয়েে পৰিচয় পত্ৰ সমূহ জব্দ কৰে । আৰক্ষীয়েে মানৱ সৰবৰাহকাৰী দুজনক আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক নলবাৰী জেেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে কিশোৰ কিশোৰী তিনিজনক পৰিয়ালৰ লোকক গতাই দিয়াৰ ব্যৱস্থা কৰা বুলি জনা গৈছে। উদ্ধাৰ হোৱা কিশোৰ কিশোৰী সকলৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ সমীপৰ ছাকোমাতা গাওঁত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰ কিশোৰী উদ্ধাৰ
-
By publisher
- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026