Firing Incident in Lakhipur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বৰাক উপত্যকাৰ কাছাৰ জিলাৰ লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত চাঞ্চল্যকৰ ঘটনা । অসম-মণিপুৰ আন্তঃৰাজ্যিক সীমান্তৰ গাতে লাগি থকা লক্ষীপুৰ সম জিলাৰ ডিগলং পুঞ্জী অঞ্চলত গভীৰ নিশা সংঘটিত হোৱা এক ঘটনাত অসম আৰক্ষীৰ বেটেলিয়ন জোৱান শ্বৰীফ হুছেইন কাজী গুলীবৃদ্ধ হয়।
প্ৰাপ্ত খবৰ অনুসৰি, সীমান্ত অঞ্চলত শেহতীয়াকৈ সক্ৰিয় হৈ থকা সন্দেহযুক্ত ড্ৰাগছ চক্ৰৰ কুজকাৱাজৰ সম্ভেদ গোপন তথ্যৰ ভিত্তিত লাভ কৰি অকলেই অসম আৰক্ষীৰ বেটেলিয়ন জোৱান কাজীয়ে অভিযান চলাইছিল। সেই সময়ত গুলীচালনা সংঘটিত হয়। অৱশ্যে কেনে পৰিস্থিতিত গুলীচালনা সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আৰক্ষীৰ সূত্ৰ অনুসৰি কাজীক গুলীচালনা কৰাৰ পিছত ৰক্তাক্ত অৱস্থাত মাটিত পৰি থকা দেখি স্থানীয় বাসিন্দাসকলে ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰি লক্ষীপুৰৰ বাৰ’জ মেম’ৰিয়েল খ্ৰীষ্টান হস্পিতাললৈ লৈ যায়। তাতে চিকিৎসকে তেওঁৰ শৰীৰত গুলীৰ আঘাত গুৰুতৰ দেখি উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতাললৈ প্ৰেৰণ কৰে ৷সম্প্ৰতি কাজী শিলচৰ মেডিকেল কলেজৰ ট্ৰমা চেণ্টাৰত চিকিৎসাধীন হৈ আছে।
ইফালে, এই ঘটনা সন্দৰ্ভত কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত ড্ৰাগছ বিৰোধী অভিযানত একেখন জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা সম্পূৰ্ণ দল সেই স্থানত উপস্থিত থাকে। অভিযানৰ সময়তে সংঘটিত হয় গুলীচালনা।



































