দেশৰ গণতন্ত্ৰৰ ৭০ বছৰ হ’ল। এইবাৰ সপ্তদশ লোকসভা গঠনৰ বাবে নিৰ্ব্বাচন অনুষ্ঠিত কৰা হৈছে । ১৯৫১-৫২ত অনুষ্ঠিত প্ৰথমবাৰ লোকসভা নিৰ্ব্বাচনত ভোটদান কৰা ৰামপ্ৰসাদ শৰ্মা নামৰ লোকজনে এইবাৰো লোকসভা নিৰ্ব্বাচনত ভোটদান কৰিব । সম্প্ৰতি তেওঁৰ বয়স ১০৭ বছৰ । তেওঁ সকলো লোকসভা নিৰ্ব্বাচনতে ভোটদান কৰিছে । অৰ্থাৎ এইবাৰ তেওঁ ১৭বাৰৰ বাবে লোকসভা নিৰ্ব্বাচনত ভোটদান কৰিব । এই অশীতিপৰ বৃদ্ধজন হৈছে উত্তৰ প্ৰদেশৰ খান্দৌলি নগৰৰ নিকটৱৰ্তী ছেমৰা গাঁওৰ বাসিন্দা । সম্প্ৰতি তেওঁ দৈহিকভাৱে অসুস্থ যদিও ভোটদান কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰিছে । ‘ মোৰ দৈহিক অৱস্থা ভাল নহয় । কিন্তু মই ভোটদান কৰিবলৈ যোৱাটো নিশ্চিত । মই সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাইছো । কাৰণ ই হৈছে আমাৰ দেশৰ প্ৰতি কৰিব পৰা সবাতোকৈ গুৰুত্বপূৰ্ণ কাম ।’ শৰ্মাৰ পুত্ৰৰ বয়স সম্প্ৰতি ৭৫ বছৰ । তেওঁ কয় যে তেওঁৰ পিতৃয়ে সাক্ষাৎ ঘটা সকলোকে ভোট দিবলৈ উৎসাহিত কৰিছে । তেওঁৰ পিতৃয়ে প্ৰতিদিনে বাতৰি কাকত পঢ়ি চৌদিশে ঘটা ঘটনাৰ খবৰ ৰাখে।
লোকসভা নিৰ্ব্বাচনত ১৭বাৰৰ বাবে ভোট দিব লগা ৰামপ্ৰসাদ শৰ্মা
-
By publisher

- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026