কংগ্ৰেছ সভাপতিৰ বায়’পিকত নায়িকা কোন? কৰ্মৰ স’তে মই বিবাহ পাশত আবদ্ধ হৈছো : ৰাহুল

Rahul Gandhi Congress chief

‘কৰ্মৰ স’তে মই বিবাহপাশত আবদ্ধ হৈছো।’ এই মন্তব্য কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ । আজি মহাৰাষ্ট্ৰৰ পুনেত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হোৱা মত বিনিময়ৰ সময়ত ৰাহুলক তেওঁৰ বায়’পিক অৰ্থাৎ জীৱনভিত্তিক নিৰ্মিত চলচিত্ৰখনৰ বিষয়ে প্ৰশ্ন কৰা হয়। চলচিত্ৰখনত তেওঁৰ বিপৰীতে কাক নায়িকাৰূপে বাছনি কৰা হৈছে, সেই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ সভাপতিজনে কয় যে, তেওঁ কামৰ স’তে বিবাহপাশত আবদ্ধ হৈছে । অৰ্থাৎ এজন ব্যক্তিৰ বাস্তৱ জীৱনক আধাৰ কৰি বায়’পিক নিৰ্মাণ কৰা হয়। সেই অনুসৰি যদি ৰাহুলৰ বায়’পিকখনত কোনো নায়িকাক দেখুৱা হয় , তেন্তে তেওঁৰ বাস্তৱ জীৱনটো জীৱনসংগী বা প্ৰেমিকা থাকিব লাগিব । স্বাভাৱিকতে অনুষ্ঠানত বায়’পিকখনৰ নায়িকাৰ বিষয়ে প্ৰশ্ন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ স’তে ভাব বিনিময় অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় জনপ্ৰিয় ৰেডিঅ’ জ’কী মালিস্কাই।

Exit mobile version