শতাধিক ছবি পৰিচালকৰ আহ্বানলৈ সঁহাৰি জনাই বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে হলিউডৰ শিল্পীয়ে। অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, আমিৰ খানৰ দৰে মহাতাৰকা নাম নাথাকিলেও বলিউডৰ ছশ অভিনয় শিল্পীয়ে এইবাৰ লোকসভা নিৰ্ব্বাচনত বিজেপিক ভোট নিদিয়াৰ বাবে আহ্বান জনালে। বিজেপিৰ ধৰ্মীয় বিভাজন, অসহিষ্ণতা আদি বিষয়ক সততে সমালোচনা কৰি অহা প্ৰবীণ অভিনেত্ৰা নাছিৰুদ্দিন শ্বাহ, প্ৰখ্যাত পৰিচালক অনুৰাগ কাশ্যপো এই তালিকাখনত আছে। অৱশ্যে ইয়াৰে অধিকাংশ থিয়েটাৰৰ অভিনয় শিল্পী।এক যৌথ বিবৃতিৰ যোগে এইসকল শিল্পীয়ে বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হোৱাৰ লগতে দলটোক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। আৰ্টিষ্টইউনাইটইণ্ডিয়া ৱেবছাইটত ১০৩পৰিচালকৰ স্বাক্ষৰিত মুকলি পত্ৰখন প্ৰকাশিত হোৱাৰ পাছতে অভিনয় শিল্পীসকলৰ বিবৃতি পোহৰলৈ আহে। এই শিল্পীসকলৰ ভিতৰত নাছিৰুদ্দিনৰ পত্নী ৰত্না পাঠক, অমোল পালেকাৰ, কংকনা সেন শৰ্মা, লিলেট ডুবে আৰু মানৱ কৌলৰ দৰে ব্যক্তিত্বও আছে ।
দেশৰক্ষাৰ দায়িত্ব লোৱাজনে লক্ষ লক্ষ লোকৰ জীৱন ধ্বংস কৰিলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত নাছিৰুদ্দিন-অনুৰাগ কাশ্যপ সহ ছশ শিল্পী
-
By publisher

- Categories: News
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026