প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিন্দু-মুছলিম সকলো ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত

juria

কংগ্ৰেছে বিজেপি মুছলমান বিৰোধী দল বুলি অপপ্ৰচাৰ চলাইছে : জুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোনোৱাল

নগাঁও : “ভাৰতবৰ্ষত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰু অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপ-মহাদেশত থকা সকলো ভাষা-ভাষি, জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ প্ৰচেষ্টাৰে সমমৰ্যদাৰে সমউন্নয়নৰ বাবে কাম কৰি আহিছে। লগতে সকলোৰে নিৰাপত্তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে।”- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।আজি বিয়লি কলিয়াবৰ সংসদীয় সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ জুৰীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে আৰু কয় যে,” বিজেপিয়ে সবকা সাথ সবকা বিকাশ নীতিৰে হিন্দু-মুছলমান হিচাপে বাত-বিচাৰ নকৰাকৈয়ে সকলো জাতি জনগোষ্ঠীৰ লোকৰ মিলিত প্ৰচেষ্টাৰে ভাৰতবৰ্ষৰ বাবে কাম কৰিম যাব আৰু ভাৰতৰ্ষৰক বিশ্বৰ বুকুত সৰ্বচেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে। এয়া প্ৰধানমন্ত্ৰী মোদীৰ মহান মানৱীয় নীতি। সেই বাবে মোদীৰ নেতৃত্বত দেশৰ সকলো নাগৰিক সুৰক্ষিত। কংগ্ৰেছে অপপ্ৰচাৰ চলাই থকাৰ কথা বুলি উল্লেখ কৰি সোনোৱালে কয়,’ কংগ্ৰেছে বিজেপি দল মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ চলায় । এয়া সম্পূৰ্ণ ৰূপে মিছা কথা। কাৰণ বিজেপিৰ ৰাজত্ব কালত দেশৰ সকলো ভাৰতীয় সম্পূৰ্ণ ৰূপে সুৰক্ষিত। ৰাজ্যত চৰকাৰ চলোৱা আমাৰ দুবছৰ দহ মাহ কাল অতিক্ৰম কৰিলে। এই সময়চোৱাত সকলো শ্ৰেণীৰ ৰাইজক সমমৰ্যদা দি সম উন্নয়নৰ বাবে কাম কৰি আহিছো ।’ কংগ্ৰেছ আৰু অন্যান্য বামপন্থী দলসমুহে আমাৰ মাজত সংঘাত সৃষ্টি কৰিবৰ বাবে অনাহকত অপপ্ৰচাৰ চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয়,’ বিজেপি চৰকাৰে গ্ৰহণ কৰা কোনটো আঁচনিৰ পৰা কোনটো ধৰ্ম বাদ পৰিছে । উজ্জ্বলা, বিজুলী যোগান, শ্বহীদ কুশল কোৱৰ আদি কোনো আচঁনিয়ে ধৰ্মৰ ভিত্তিত গ্ৰহণ কৰা নাই। অসমৰ লাখ লাখ খেতিয়কে পাচঁ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য লাভ কৰিছে। এই সুবিধা সকলো শ্ৰেণীৰ ৰাইজে লাভ কৰিছে। আমাৰ চৰকাৰে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু এই দুয়োটা শ্ৰেণীৰ লোকৰ উন্নয়নৰ স্বাৰ্থতে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত এলেকাত ৯ খনকৈ কন্যা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একল এয়াই নহয় সংখ্যালঘু এলেকাত ৩০ কোটি ব্যয় কৰি ২০ খন আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।’ ভাৰতবৰ্ষৰ ৭০টা বছৰ পিছতো কোনখন চৰকাৰে সংখ্যালঘু লোকৰ বাবে ইমান কৰিছে বুলি সোনোৱাল প্ৰশ্ন তুলি ইমানৰ পিছতো সংখ্যালঘু আমাক ভোট নিদিলে ভুল কৰা হ’ব বুলি সোনোৱালে মন্তব্য কৰে । তেওঁ কয়, ‘আমি সংখ্যালঘু লোকক আস্থাত লৈছোঁ। অকল সুৰক্ষাই নহয়, সামগ্ৰিক উন্নয়নৰ দায়িত্ব লৈছোঁ বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ‘ মুখ্যমন্ত্ৰীয়ে আল্লাৰ নামত সংখ্যালঘু ৰাইজৰ পৰা প্ৰতিশ্ৰুতি বিচাৰি কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

Exit mobile version