ডুমডুমা:অসমৰ বাপতি সাহোন বহাগ বিহু উদযাপনত অসম – অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চল শদিয়াবাসীৰ আছে এক সুকীয়া বৈশিষ্ট৷প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতি বছৰে ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা ৰঙালী বিহু উদযাপন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে শক্তিৰ পীঠ ৰূপে খ্যাত তথা বিশ্ব খ্যাত চাৰিশাল গোঁসানীৰ দেশ শদিয়াত৷অতীজৰ ৰীতি-নীতি,পৰম্পৰা ৰক্ষা কৰি আজি ব’হাগৰ প্ৰথম বুধবাৰটোৰ কাহিলীপুৱাতে শদিয়াৰ প্ৰতিখন গাঁৱৰ চহা-ৰাইজে নিজ নিজ গাঁৱৰ নিৰ্দিষ্ট স্থানত একত্ৰিত হৈ নিজৰ গোহালিৰ গৰুবোৰক মাহ-হালধী ঘঁহি গা-ধুৱাই আৰু গৰুৰ গাত দীঘলতি,মাখিয়তী,লাও,বেঙেনাৰে কোৱায় বৰ বৰ গৰু হোৱাৰ লগতে ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱাৰ কামনা কৰে৷ইয়াৰ পিছতে শদিয়াৰ চাৰিও দিশত থকা বুঢ়াবুঢ়ী শাল,পাটৰ শাল,বলিয়া শালত আজি পৰম্পৰাগত ৰীতি-নীতিৰে শদিয়াবাসীয়ে পূজা-অৰ্চনা কৰি নেদেখাজনৰ ওচৰত সেৱা লয় আৰু অহা শুক্ৰবাৰে কেঁচাইখাইতী শালত পূজা অনুষ্ঠিত হ’ব৷উল্লেখযোগ্য যে আজি শদিয়াৰ অতি জাগ্ৰত আধ্যাত্মিক থান বুঢ়াবুঢ়ী শালত অনুষ্ঠিত হোৱা পূজাত প্ৰায় অৰ্ধশতাধিক ছাগলীৰ বলি-বিধান কৰে ৷এই বলি-বিধান প্ৰক্ৰিয়া ইতিহাসে ধুকি নোপোৱা দিনৰ পৰাই শদিয়াৰ অতি জাগ্ৰত এই চাৰিওখন শালত প্ৰচলিত হৈ আছে বুলি বিশ্বাস কৰে ৰাইজে৷ বছৰটোৰ আহিবলগীয়া দিনবোৰ কুশল-মংগল হোৱাৰ মনোকামনা কৰি বছৰেকৰ বিহুটিৰ গৰু বিহুৰ দিনা এইদৰে সেৱা লৈ নতুন বছৰটো আৰম্ভ কৰে শদিয়াবাসীয়ে৷
ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি বুঢ়াবুঢ়ী শালত অৰ্ধশতাধিক ছাগলীৰ বলি-বিধানেৰে আজিৰে পৰা শদিয়াবাসীয়ে নমালে ব’হাগ বিহু
-
By publisher

- Categories: Culture, News, Spirituality, Tourism
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026