পলাশবাৰী : সমগ্ৰ ৰাজ্যত ৰঙালী বিহুৰ উৎসাহ আৰু লোকসভা নিৰ্বাচনৰ মাজতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৰামপুৰৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰত বহু লোকৰ সমাগম। সকলোৰে হাতে হাতে ধুপ-ধুনা, চাকি, পূজা অৰ্চনা। কাৰণ কলিতাৰ ঘৰত আবিৰ্ভাৱ হৈছে এটা সোণৰ মূৰ্তি। ৰামপুৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ চোতালত অইন দিনাৰ দৰে পুৱা ঝাৰু দিয়াৰ দৰে যোৱা ১৫ এপ্ৰিল অৰ্থাৎ সোমবাৰেও পুৱা ঝাৰু দিয়াৰ সময়ত হঠাৎ ঝাৰু দিয়া মহিলাগৰাকীয়ে প্ৰথমে প্ৰত্যক্ষ কৰি সাপৰ নিচিনা মূৰ্তিটো হাতেৰে চুই স্পৰ্শ কৰে। তাৰপিছতে মহিলা গৰাকীয়ে ঘৰৰ লোকৰ লগতে স্থানীয় লোকক খবৰ দিয়াত হুৱাদুৱা লাগিল অঞ্চলটোত । নিমিষতে খবৰটো বনজুইৰ দৰে বিয়পি পৰি মূৰ্তি চাবলৈ হেতা ওপৰা লাগে একাংশ লোকৰ । প্ৰতিকুল বতৰকো নেওচি লানি নিচিগা সোঁত বোবলৈ ধৰিলে কলিতাৰ ঘৰলৈ। ইতিমধ্যে ভক্তই মূৰ্তিটোৰ ওচৰতে ধুপ-ধুনা, চাকি-বন্তি আদি জ্বলাই পূজা অৰ্চনা কৰে। ৰামপুৰ সুজনপাৰাত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। ঘৰৰ লোকৰ মতে পৰ্য্যায়ক্ৰমে পূৰ্বতকৈ মূৰ্তিটোৰ উচ্চতা কিছু পৰিমাণে বৃদ্ধি হৈছে। ঘৰৰ আৰু স্থানীয় লোকৰমতে এই মূৰ্টিটো সোণ অথবা পিতলৰ এটি মা-মনসাৰ মূৰ্তি । বৰ্তমান ৰামপুৰ সুজনপাৰাৰ দেৱেশ্বৰ কলিতাৰ ঘৰলৈ বৰ্তমান ভক্তৰ লানি নিচিগা সোঁত বৈ আছে। দেৱেশ্বৰ কলিতা নামৰ লোকজনে জনোৱা মতে পোন প্ৰথমে এটা সৰু মূৰ্তি তেওঁলোকেদেখা পাইছিল পিছত মূৰ্তিটোৰ পঞ্চমুখ সাপৰ তলত মা-মনসাৰ অৱতাৰ ৰূপ প্ৰত্যক্ষ কৰে । এই ঘটনাই ৰাইজৰ মাজত এক কৌতুহলৰ সৃষ্টি কৰিছে।এইক্ষেত্ৰত স্থানীয় লোকে ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগত খবৰ দিয়ে । বৰ্তমান ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনে ৰক্ষণাবেক্ষণ দি থকা পৰিলক্ষিত হৈছে।
পলাশবাৰীৰ ৰামপুৰত মাটি ফুটি ওলাল মা-মনসাৰ মূৰ্তি
-
By publisher

- Categories: News, Spirituality
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026