কংগ্ৰেছে দিল্লীত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি (আপ)ৰ স’তে মিত্ৰতা কৰিব বুলি চলি থকা ব্যাপক চৰ্চাৰ সম্প্ৰতি অৱসান ঘটিছে । আপৰ স’তে মিত্ৰতাৰ সম্ভাৱনা দূৰ কৰি আজি দলে দিল্লীৰ সাতটা সমষ্টিৰ ছটাৰে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দিল্লী কংগ্ৰেছৰ মুৰব্বী শীলা দীক্ষিতক দলে উত্তৰ-পূব দিল্লীত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । লক্ষ্যণীয়ভাৱে দলৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে এইবাৰ প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকে । পূৰ্বে একাধিকবাৰ লোকসভা নিৰ্ব্বাচনত অৱতীৰ্ণ হোৱা চান্দনী চ’ক সমষ্টিত ছিবালে এইবাৰ প্ৰতিদ্বন্দিতা কৰিব বুলি ব্যাপক চৰ্চা চলে যদিও মূৰকত জেষ্ঠ কংগ্ৰেছ নেতাজনে নিৰ্ব্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। বিজেপি আৰু আপৰ স’তে ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতাত মিলিত হ’বলৈ ছিবালে অস্বীকাৰ কৰা বুলি দলীয় সূত্ৰই জনায়।
আপৰে মিত্ৰতা নহ’ল : দিল্লীৰ ছটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ
-
By publisher
- Categories: Loksabha Election, News, Politics
- Tags: AAPCongressLoksabha Election
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026