যোৰহাট : সঘনে বিতৰ্কৰ আৱৰ্তত থকা যোৰহাট পৌৰ সভাত এইবাৰ সংঘটিত হৈছে কৰফাকিৰ দৰে ঘটনা। পৌৰসভাৰ দেৱাংগ শইকীয়া নামৰ এজন কৰ সংগ্ৰাহকে সাত লাখৰো অধিক টকা আত্মসাৎ কৰি বৰ্তমান আত্মগোপন কৰি আছে। এই জালিয়াতি বিষয়ে এবছৰ পূৰ্বেই পৌৰসভা জ্ঞাত হৈছিল যদিও বিজেপি নেতৃত্বাধীন পৌৰসভা খনে কোনো আইনী ব্যৱস্থা হাতত লোৱাটো দূৰৰে কথা বিষয়টো গাপ দিয়াৰহে চেষ্টা কৰিছিল। পৰবৰ্তী সময়ত সভাৰ ভিতৰ চ’ৰাত হোৱা ক্ষমতা কেন্দ্ৰীক বাদ বিবাদ তথা সদস্য সকলৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াত দেৱাংগৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিবলৈ ওলোৱাত পোহৰলৈ আহে সমগ্ৰ জালিয়াতি কাণ্ড। কংগ্ৰেছৰ দিনতে দেৱাংগক অস্থায়ী ভাৱে কৰ সংগ্ৰাহক হিচাপে নিযুক্তি দিয়া হৈছিল। কৰ সংগ্ৰাহকে দৈনিক সংগ্ৰহ কৰা কৰ নিৰ্দিষ্ট বিষয়াৰ হাতত দৈনিক জমা দিব লাগে। আনহাতে কৰদাতা সকলক কৰ সংগ্ৰহ কৰা বিপৰীতে পৌৰসভাৰ তৰফৰ পৰা এখন প্ৰভিজনেল ৰচিদ দিয়া হয়। দেৱাংগই এই ৰচিদৰ কাৰ্বন কপিত ভয়ঙ্কৰ জালিয়াতি সংঘটিত কৰে। কৰদাতাই দিয়া কৰৰ পৰিমান কৰদাতাক সঠিক ভাৱে লিখি ৰচিদ দিছিল যদিও কাৰ্বন কপিত কৰৰ পৰিমান কৌশলেৰে সলনি কৰিছিল দেৱাংগই। পৰবৰ্তী সময়ত ট্ৰেড লাইচেন্স নবীকৰনৰ বাবে অহা কৰদাতাৰ হাতত থকা ৰচিদ দেখা পোৱাৰ পিছতে পোহৰলৈ আহে বিয়াগোম জালিয়াতি। কৰদাতা সকলে ৰচিদ অনুসৰি হাজাৰ টকা কৰ প্ৰদান কৰিছিল যদিও পৌৰসভাৰ কম্পিউটাৰত মাত্ৰ বিশ ত্ৰিশ টকা কৰ দিয়া বুলিহে তথ্য পোৱা যায়। পৌৰসভাৰ ৬,৭,১৭,১৯ ৱাৰ্ডত দেবাংগই সংঘটিত কৰে এই জালিয়াতি । কিছুদিন পূৰ্বে পৌৰসভাত সামান্য পৰিমানৰ ধন ঘূৰাই দিছিল যদিও বৰ্তমান ৭ লাখৰো অধিক টকা আত্মসাৎ কৰিছে দেৱাংগই।ইফালে এই জালিয়াতি সন্দৰ্ভত পৌৰসভাৰ তৰফৰ পৰা কালি যোৰহাট সদৰ থানাত এক এজাহাৰ দাখিল কৰা হয়৷ উক্ত এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৯/৪২০ ধাৰাৰ অধীনত ৯৬৭/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু এবছৰ আগতে হোৱা লাখ লাখ টকা আত্মসাৎৰ ঘটনা পৌৰসভা খনে কিয় গাপ দি ৰাখি অৱশেষত ইমান পলমকৈ আৰক্ষীক অৱগত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কৰ দাতা ৰাইজে। ইফালে দেৱাংগক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে যোৰহাট আৰক্ষী প্ৰশাসনক দাবী জনাইছে কৰ দাতা ৰাইজে।
ভূৱা ৰচিদেৰে লাখ লাখ টকা আত্মসাৎ কৰ সংগ্ৰাহকৰ: যোৰহাট আৰক্ষী থানাত গোচৰ ৰুজু
-
By publisher
- Categories: News
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026