গোৰেশ্বৰ: এজন দুৰ্ভগীয়া গৃহৰক্ষী জোৱান তেওঁ। নাম আৰিফ আলী। ৩৪ বছৰীয়া আৰিফ আলীৰ ঘৰ বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ঔগুৰি গাওঁত। গৃহৰক্ষী বাহিনীৰ জোৱানজনে এতিয়া এখন ভগা ভৰি লৈ ঘৰতে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে। ২০১৬ৰ ২৭ জুলাইত দিনৰ প্ৰায় ২ বজাত মহানগৰীৰ জালুকবাৰী উপ আৰক্ষী চকী যান বাহন শাখাৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পাৰ হৈ যাব লগীয়া কনভয়ৰ “ৰোড লাইনিং”ৰ দায়িত্বত জালুকবাৰীত নিয়োজিত কৰা হৈছিল আৰিফক। দায়িত্ব পালন কৰি থকাৰ সময়তে পিছফালৰ পৰা অহা এএছ ০১ ডিভি ০৪৭১ নম্বৰৰ এখন দুচকীয়া বাহনে বেয়াকৈ খুন্দিয়াই আহত কৰে কৰ্তব্যৰত আৰিফক। এই দুৰ্ঘটনাত আৰিফৰ বাওঁভৰিখন সোঁমাজতে ভাগি যায়। প্ৰথমে জিএমচিএইচ আৰু পিছলৈ নাৰায়ণা হাস্পাতালত চিকিৎসা গ্ৰহণ কৰে আৰিফে। কিন্তু আজি চাৰিবছৰেও সম্পূৰ্ণ সুষ্ঠ হৈ নুঠা আৰিফৰ পৰিয়ালৰ বাবে এতিয়া দুৰ্যোগ নামি আহিছে। কিয়নো প্ৰাপ্য দৰমহাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে আৰিফ। ২০০৭ ৰ ২৩ ডিচেম্বৰত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীত যোগদান কৰা আৰিফ আলীয়ে মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দয়িত্বত নিয়োজিত হৈও নিজে অসুৰক্ষিত জীৱন কটাব লগীয়া হৈছে। ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনৰ (২৪) ৬ (৩) (ক) ধাৰা অনুসৰি নিযুক্তি লাভ কৰা আৰিফ আলীৰ দৰে এগৰাকী গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ দূৰৰ কথা লাভ কৰিবলগীয়া ফিক্সড পে টকাকেইটাৰ পৰাও বঞ্চিত হ’ব লগীয়া হৈছে। দুৰ্ঘটনাৰ পিছত বিভাগীয় ভাৱে চিকিৎসাৰ বাবে লাভ কৰিব লগীয়া সুবিধাকণৰ বাবেও বহু কষ্ঠ কৰিব লগীয়া হৈছিল। তথাপি দুৰ্ঘটনাৰ বাবে জিৰণীত থকা সময়ছোৱাত নিজৰ প্ৰাপ্য দৰমহা খিনি লাভ কৰি আছিল যদিও বিগত পাঁচ-ছয় মাহ ধৰি সেয়াও বন্ধ হৈ পৰিছে। এতিয়া পত্নী , দুই কন্যা, এজন পুত্ৰ সন্তানৰ সৈতে নিজ পিতৃ-মাতৃৰ ভৰণ পোষনৰ দায়িত্ব পালন কৰিবলৈ অসমৰ্থ হৈ পৰা আৰিফৰ জীৱন হতাশাৰে ভৰি পৰিছে। কেবাবাৰো বিভাগীয় ভাৱে বহু আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই গৃহৰক্ষীৰ জোৱান জনে। তেওঁ অসম আৰক্ষীৰ আয়ুক্তক দুবাৰকৈ চিঠি নম্বৰ আৰ আই জি বি আই ৭৩৭৮, ৭৪৭৭১ ক্ৰমে ২১-১২-২০১৮ আৰু ২৬-১২-২০১৮ তাৰিখত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চিঠি নম্বৰ আৰ আই জি বি আই – ৭৪৭৬১ যোৱা ২৬-১২-২০১৮ তাৰিখত প্ৰেৰণ কৰে। কিন্ত আজিলৈ সুদত্তৰ নাপালে জোৱানজনে। মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্ব লাভ কৰা এজন সাধাৰণ জোৱানৰ জীৱনৰ কোনো মূল্য নহোৱা হৈ গৈছে বুলি ক্ষোভ প্ৰকাশ কৰে আৰিফে। নিজৰ চাকৰিৰ সুৰক্ষা বিচৰাৰ লগতে নিয়মীয়াকৈ দৰমহা লাভ কৰাৰ বহু অনুনয় বিনয় কৰিও আজিও সফল হ’ব পৰা নাই আৰিফ। পৰিয়ালৰ ভৰণ পোষনৰ বাবে ষথেষ্ঠ কষ্ঠ স্বীকাৰ কৰিবলগীয়া হোৱা আৰিফে কিছু সুষ্ঠ হৈ এতিয়াও ভগা ভৰি খনেৰে আৰক্ষীৰ বৰমুৰীয়া বহু অফিচে অফিচে হাতত ফাইল লৈ একপ্ৰকাৰ হেৰুৱা চাকৰি বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে। খুদ মুখ্যমন্ত্ৰীৰ দায়িত্বত গ্ৰহণ কৰি জীৱন ঘুনীয়া কৰিব লগা হোৱা এগৰাকী গৃহৰক্ষী জোৱানক এতিয়া চৰম অৱহেলা কৰা হৈছে অসম আৰক্ষী গৃহ বিভাগৰ পৰা। আৰিফে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক চতুৰ্থ বৰ্গৰ চকৰিত হ’লেও নিযুক্তি প্ৰদান কৰি জীৱন চলাই নিয়াত চৰকাৰে যাতে সুবিধা কৰি দিয়ে। নহ’লে এতিয়া কি কৰি ৭ জনীয়া পৰিয়ালটো পোহপাল দিব তাকে ভাবি হতাশাত দিন নিয়াইছে আৰিফে। এই গৰাকী গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ কৰি উচিত বিচাৰ কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে।
হাতত ফাইল লৈ অফিচে অফিচে কিয় ঘুৰিছে এজন গৃহৰক্ষী জোৱান
-
By publisher

- Categories: Uncategorized
Related Content
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
By
publisher
May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ' বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
By
publisher
April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026