নলবাৰী: নলবাৰী জিলাৰ চামতাৰ চাৰিগৰাকী যুৱকে আজি বন্যপ্ৰাণী সুৰক্ষাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে।এই যুৱককেইজনে উদ্ধাৰ কৰিছে পাঁচটাকৈ জহামালৰ পোৱালি।মন কৰিব লগা যে আজি চামতাৰ জামৰতলৰ মন্দিৰৰ কাষত থকা এডাল ঔগছ কটা হৈছিল।কিন্তু ইয়াৰ খোৰোঙত আছিল পাঁচটাকৈ জহামলৰ পোৱালি।পোৱালি কেইটা দেখি নিপলজ্যোতি তালুকদাৰ ,দ্বীপেন তালুকদাৰ,ভগবান তালুকদাৰ আৰু জোন তালুকদাৰে বনৰ মাজে মাজে বিচৰণ কৰি থকা আপুৰুগীয়া বন্য প্ৰাণী জহামালৰ পোৱালীকেইটা উদ্ধাৰ কৰি নলবাৰীৰ ছাত্ৰ নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মনৰ সৈতে যোগাযোগ কৰে।ইয়াৰ পিছতে বৰ্মনৰ তত্বাৱধানত নলবাৰী আছুৰ কাৰ্যালয়লৈ পোৱালি কেইটা আনি নলবাৰী ৰাজ্যিক পশু চিকিৎসালয়ক অৰ্পণ কৰা হয়।চিকিৎসালয় কৰ্তৃপক্ষই জহামালৰ পোৱালি কেইটাক শুশ্ৰূষা আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি বন বিভাগক চমজাই দিয়ে।






























