চামগুৰি:কংগ্ৰেছ বিজেপিৰ তুমুল সংঘৰ্ষত আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বৰমাত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় ।এই সংঘৰ্ষত ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ ইন’ভা গাড়ী খনৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ইন’ভা গাড়ী খনৰ লগত আন দুখন গাড়ীৰো ক্ষতিসাধন হয় ।গাড়ী কেইখন বিজেপি কৰ্মীয়ে শিলগুটি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ক্ষতিসাধন কৰাৰ অভিযোগ উঠিছে । অভিযোগ মতে, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন,ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা সহ এটি কংগ্ৰেছ দলৰ কৰ্মীয়ে বাজিয়া গাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত দলীয় সভাত ভাগ লৈ চামগুৰি সমষ্টিৰ শিঙিমাৰীত এখন সভাত অংশ গ্ৰহণ কৰিবলৈ ৰাওনা হয় ।পুৱা ১১ বজাত বৰমা বজাৰ পাওতে একাংশ বিজেপি কৰ্মীয়ে তেঁওলোকৰ গাড়ী কেই খন আগভেটি ধৰি বিজেপিৰ ১৩ জনীয়া দল এটাই চোকা অস্ত্ৰ আৰু শিলগুটিৰে আক্ৰমণ কৰে ।এই আক্ৰমণত বিধায়ক নুৰুল হুদাৰ গাড়ীৰ চালক বলোৰাম দাস আৰু জিয়াউৰ ৰহমানৰ দেহৰ কে’বা ঠাইতো আঘাত প্ৰাপ্ত হয় ।ইয়াৰ উপৰি বিধায়ক হুদাৰ দেহৰক্ষী বাছিৰ উদ্দিনো আঘাত প্ৰাপ্ত হয় ।শিলগুটি নিক্ষেপ আৰু চোকা অস্ত্ৰৰ আঘাতত বিধায়ক হুদাৰ এ এচ ০১ ডি এন ২০৮৬ নম্বৰৰ ইন’ভা গাড়ী খনৰ পিছফালৰ আয়না ভাঙি চুৰ্চুমৈ হোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ এ এচ ০১ বি এ ১৭৮৬ নম্বৰৰ ইন’ভা গাড়ী খন সহ এ এচ ০১ এ বি ৯৪৮৪ আৰু এ এচ ০২ কে ৮০৩৫ নম্বৰৰ আন দুখন গাড়ীৰো ক্ষতিসাধন হয় ।এই ঘটনাৰ পাছতে কংগ্ৰেছ বিজেপিৰ দুয়ো পক্ষৰ মাজতে মাৰপিট সংঘটিত হয় । বিধায়ক নুৰুল হুদাই অভিযোগ কৰা মতে,এজাহাৰত উল্লেখ কৰা বিজেপি দলৰ ১৩ জন কৰ্মীয়ে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহ তেঁওক ৰাজনৈতিক ষড়যন্ত্ৰৰে আক্ৰোশ মূলক ভাৱে আক্ৰমনটো সংঘটিত কৰিছিল । ।আনহাতে,মজিবুৰ ৰহমান নামৰ কদমগুৰিৰ লোক এজনে চামগুৰি আৰক্ষী থানাত দিয়া এজাহাৰ অনুযায়ী,বৰমা বজাৰত বিজেপি দলৰ কৰ্মী সকলে আজি বিজয় উৎসৱ পালন কৰি থকা অৱস্থাত চামগুৰি সমষ্টিৰ বিধায়ক সহ এটি দল পথেৰে অহি থকাত বৰমা বজাৰৰ পথ এৰি দিয়া সত্বেও বিধায়ক ৰকিবুল হুছেইনৰ নিৰ্দেশত তেঁওক আৰু ভগামুৰৰ নুৰজামাল নামৰ লোক জনক গুণ্ডা বাহিনীয়ে মাৰপিত কৰি আহত কৰে ।তদুপৰি কংগ্ৰেছী দলটোৱে নিজেই গাড়ী ভাঙিছে বুলি এজাহাৰত উল্লেখ কৰি মজিবুৰ ৰহমানে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহ ৭ জনৰ বিৰদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।কংগ্ৰেছ বিজেপিৰ দুয়ো পক্ষৰ মাৰপিটত বৰমা বজাৰ আজি দুপৰীয়া ৰণক্ষেত্ৰত পৰিণত হয় ।
চামগুৰিত প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ গাড়ীত আক্ৰমণ
-
By publisher

- Categories: News
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026