সামৰিক মৰ্য্যদাৰে শেষ বিদায় উইঙ্গ কমাণ্ডাৰ জি এম চাৰ্লচক

qq

Wing Commander G M Charles, who piloted the AN-32 aircraft which crashed in Arunachal Pradesh on June 3, was cremated with full military honours in the presence of senior officials of the Indian Air Force and district administration at Jorhat on 21-06-19.pix by ub photos

অৰুণাচলৰ ঘন অৰণ্যত ধ্বংস প্ৰাপ্ত হোৱা অভিশপ্ত এ এন ৩২ বিমান

যোৰহাট : অৰুণাচলৰ ঘন অৰণ্যত ধ্বংস প্ৰাপ্ত হোৱা অভিশপ্ত বিমানখনৰ ১৩ জন যাত্রীৰে মৃতদেহ কালিয়ে যোৰহাটলৈ অনাৰ পাছত ১২ জনৰে মৃতদেহ নিজ ঘৰলৈ নিয়া হয় যদিও উইং কমাণ্ডাৰ জি এম চাৰ্লচক ইয়াৰ গড়মূৰ শ্মশানত আজি পুৱা সম্পূৰ্ণ সামৰিক ময্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। আজি পুৱা সাত বজাত এক শোকাকূল পৰিৱেশত বায়ু সেনা বাহিনীৰ টোপ ধ্বনিৰ মাজত গড়মুৰ শ্মশানত পঞ্চভূতত বিলীন হল উইং কামাণ্ডাৰ জি এম চাৰ্লচ নশ্বৰ দেহ । উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ মেচুকাত সংঘটিত হোৱা এ এন ৩২ বিমান দুৰ্ঘটনাত অকাল মৃত্য হোৱা ১৩ জনৰ বায়ুসেনা লোকৰ মৃতদেহ যোৰহাট বিমান বন্দৰলৈ কালি নিশা অনা হয় । নিশা প্ৰায় ৯ বজাত যোৰহাট বিমান বন্দৰত মৃতদেহ আহি পোৱাৰ পাছত বায়ুসেনাৰ তৰফৰ পৰা বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বায়ু সেনা বিভাগৰ বহু উচ্চস্তৰিয় বিষয়া। কালি নিশাটো চাৰ্লছৰ মৃতদেহ যোৰহাট বিমান বন্দৰত ৰখাৰ বিপৰীতে আন ১২ জনৰ নশ্বৰদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হয়। আৰু আজি পুৱা এখন সু সজ্জিত বাহনত উইং কামাণ্ডাৰ চাৰ্লচৰ নশ্বৰ দেহ লৈ অহা হয় যোৰহাট গড়মুৰ শ্মশানলৈ। মৃতদেহ কঢ়িয়াই অনা বাহন খন দেখি বহু সৰ্বসাধাৰণ লোকে চ্যেলুট দি চাৰ্লছৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । আনহাতে গড়মুৰ শ্মশানত মৃতদেহ উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন তথা বিভিন্ন জনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে তিনি জাই গুলি ফুটাই চাৰ্লচৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছত মৃতদেহ ছিটাত তুলি দিয়া হয়। উল্লেখ্য যে, বিগত ৩ জুনত সংঘটিত কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল স্কোয়াডেন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেন্ট এম ভি গাৰ্গ, ৱাৰেণ্ট অফিচৰ কে কে মিশ্ৰ, চাৰজেণ্ট অনুপ কুমাৰ, কৰ্পোৰেল চেৰীণ, লিডিং এয়াৰ ক্ৰেফ্ট মেন এছ কে সিং, আৰু পংকজ, আৰু এন চি(ই) পুতলী আৰু ৰাজেশ কুমাৰে। অভিশপ্ত এ এন-৩২ বায়ুসেনাৰ বিমানখন যোৱা ৩ জুন তাৰিখে দিনৰ ১২.২৭ বজাত উৰা মাৰিছিল যোৰহাট বিমান বন্দৰৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকা অভিমুখে। কিন্তু বিমানখনৰ সংযোগ ৰাডাৰ ৰ পৰা বিচ্ছিন্ন হৈ পৰে ১২.৫৫ বজাত। সংযোগ বিছিন্ন হোৱাৰ কিছু সময়ৰ পাছতেই নিৰুদিষ্ট হোৱা বিমানখনৰ লোকেচন লোকেট কৰিবৰ বাবে উৰা মাৰিছিল ভাৰতীয় বায়ু সেনা আৰু এ এল এইচ ৰ চি- ১৩০ জে, এ এন-৩২ বিমানৰ লগতে এম আই ১৭ হেলিকপট্টাৰখন । দলটোক ৪ জুনত সংগ দিয়ে ভাৰতীয় নৌ সেনাৰ পি ৮ আই এয়াৰ ক্ৰেফ্ট খনেও। অৱশেষত বহু উৎকণ্ঠাৰ অন্তত দুৰ্ঘটনাত পতিত বিমান খনৰ সন্ধান লাভ কৰে বয়ুসেনাই বিগত ১১ জুনত অৰুণাচল প্ৰদেশৰ লিপৰ ১৬ কিলোমিটাৰ নিলগৰ দুৰ্গম অঞ্চলত। আৰু ১৩ জুন ত উক্ত দুৰ্গম স্থানত উপস্থিত হয়গৈ ৮ জনীয়া এক উদ্ধাৰকাৰী দল। দলটো দুৰ্ঘটনা স্থলীত উপস্থিত হৈ বিমানখন ৰ ব্লেক বক্স উদ্ধাৰ কৰাৰ লগতে মৃত্যু হোৱা লোকসকলৰ উদ্ধাৰ অভিযানত ব্যস্ত হোৱাৰ লগতে ব্যস্ত হৈ পৰে বিভিন্ন অনুসন্ধান কাৰ্যত। ১৩ তাৰিখৰ পৰা উদ্ধাৰকাৰী দলটো ঘূৰি নহাত অন্য এখন বিশেষ বিমান সন্ধানত পঠোৱা হয়। আনহাতে জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ প্ৰতিকূল বতৰৰ বাবে দলটো কেইবাদিনো আবদ্ধ হৈ থাকিব লগীয়া হৈছিল উক্ত দুৰ্গম স্থানত। অৱশেষত কালি উদ্ধাৰকাৰী দলটো মৃতদেহ তথা দুৰ্ঘটনাত পতিত হোৱা বিমান খনৰ ব্লেক বক্স লৈ উপস্থিত হবলৈ সক্ষম হয় যোৰহাটত।

Exit mobile version