মাটিয়া :-জাপানীজ এনেকেফেলাইটিছ ৰোগে সম্প্ৰতি গোৱালপাৰা জিলাত ভয়াৱহ ৰূপ ধাৰন কৰিছে । বিভাগীয় তথ্য মতে জিলাখনৰ মুঠ ১১ গৰাকী লোকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে । ইয়াৰে ৫ গৰাকীকৈ লোক মৃত্যুমুখত পৰাৰ লগতে আন তিনি গৰাকী লোক সম্প্ৰতি গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা লোক কেইজন হল ক্ৰমে জিলাখনৰ বহতী এন চিৰ ছফিকুল ইছলাম(২৭),সিধাবাৰীৰ লাছিয়া চৌধুৰী(৫০) আৰু বৰ মাটিয়াৰ সুচীত্ৰা মাৰাক (৫৭)।ইপিনে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীলমাধৱ দাসে জনোৱা মতে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনাময় এলেকাসমূহত ফগিং( মহ খেদা ধোঁৱা) কৰি থকাৰ লগতে সজাগতা হোৱা অনুষ্ঠিত কৰি থকা হৈছে । জিলাখনৰ ২২৫ খন স্পৰ্শকাতৰ গাওঁত ফগিং কৰাৰ লগতে ১৫০২২ গৰাকী লোকৰ অংশগ্ৰহনেৰে ২০৬ খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰে । চিকিৎসাৰ ক্ষেত্ৰতো অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে । জ্বৰত আক্রান্ত লোকৰ বাবে সকলো ধৰণৰ পৰীক্ষা উপলব্ধ কৰাৰ লগতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মুমূৰ্ষ ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ আই চি ইউৰ ব্যৱস্থা কৰা হৈছে । জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ বাহক গাহৰি আৰু কণামুছৰী( বগলীৰ এটা প্রজাতি) ৰ পৰা ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে স্বাস্থ্য বিষয়া গৰাকীয়ে ।এতিয়া প্ৰশ্ন হৈছে গোৱালপাৰা জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে ব্যাপক সতৰ্কতা অৱলম্বন কৰাৰ পিছতো গোৱালপাৰা জিলাত পাঁচজনকৈ লোকে মৃত্যুবৰণ কৰাৰ লগতে তিনি গৰাকীকৈ লোকে মহামাৰী সদৃশ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ আই চিইউত মৃত্যুৰ সৈতে যুজিঁ থকা বিষয়টো বিভাগটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।
গোৱালপাৰাত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ :গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰে যুঁজিছে তিনিগৰাকী
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026