দুমুনিচকী : হজ কমিটি ৰ চৰম দায়িত্বহীনতাৰ ফলত সম্প্ৰতি সমস্যাত পৰিছে অসমৰ শতাধিক হজযাত্ৰী । প্ৰাপ্ত বাতৰি মতে পবিত্ৰ হজৰ অন্তত চৌদি আৰবৰ পৰা উভতি আহিবলগীয়া শ শ হজযাত্ৰী বিগত প্ৰায় ৪৮ ঘণ্টা সময় ফ্লাইটৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জিদ্দা এয়াৰপৰ্টত । হজ কমিটিৰ চৰম উদাসীনতা আৰু গুৰুত্বহীনতাৰ বাবে সোমবাৰে নিশাৰ পৰা বাতৰি যুগুত কৰা সময়লৈ ফ্লাইটৰ বাবে বোন্দাপৰ দিবলগীয়া হৈছে অসমৰ শতাধিক হাজিয়ে । গুবাহাটীলৈ সোমবাৰে নিশা হজযাত্ৰী সকলক কঢ়িয়াই আনিবলগীয়া এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখন বাতিল হোবাৰ পিছত পৰবৰ্তী ফ্লাইট যোগান ধৰা দূৰৰে কথা বৰ্তমানলৈ ফ্লাইটৰ নিৰ্ধাৰিত সময়টোবে হজযাত্ৰী সকলক অবগত কৰিবলৈ সক্ষম হোৱা নাই । যাৰবাবে হজযাত্ৰী সকলে এয়াৰপৰ্টত ঘন্টাৰ পাছত ঘন্টা ধৰি ফ্লাইটৰ অপেক্ষা কৰাৰ অন্তত পুনৰ শিবিৰলৈ উভতি যাবলৈ বাধ্য হৈছে । হজযাত্ৰী সকলৰ যাবতীয় সামগ্ৰী সমূহ ইতিমধ্যে দুদিন পূৰ্বে নিয়মানুসৰি দায়িত্বৰত কৃতপক্ষই চমজি লোৱাৰ বাবে হজযাত্ৰী সকলে অতিৰিক্ত খৰচ ভৰি হোটেলত থকা-খোবাৰ ব্যবস্থা নিজাববীয়াকৈ কৰি লবলগীয়া হৈছে । হজযাত্ৰী সকলৰ এনে আহুকালৰ পিছতো হজ কমিটিৰ নিৰ্বিকাৰ ভূমিকাই হজযাত্ৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালকো চিন্তিত কৰি তুলিছে ।
সমস্যাত অসমৰ শতাধিক হজযাত্ৰী
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026