মাটিয়া: আজি গোৱালপাৰাত উপস্থিত হৈ যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰৱ জুবিন গাৰ্গে তেওঁৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘাৰ প্ৰচাৰ চলায়৷গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু গোৱালপাৰা মহাবিদ্যালয় ছাত্র আছু গোটৰ আমন্ত্ৰণত আজি জুবিন গাৰ্গে গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হয়। কাঞ্চনজংঘাত অভিনয় কৰা কেবাগৰাকী অভিনেতাসহ জুবিন গাৰ্গে আজি দিনৰ ২ বজাত গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰচাৰ চলায়। উল্লেখ্যযে প্ৰতিকুল বতৰকো প্ৰত্যাহ্বান জনাই অৰ্থাৎ প্ৰখৰ ৰ’দকো নেওচি আজি পুৱাৰে পৰা জুবিনৰ এই প্ৰচাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে হাজাৰ হাজাৰ অনুৰাগীয়ে অপেক্ষা কৰি থাকে ৷ অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া ছবি কাঞ্চনজংঘাৰ বাবে চৌদিশে মাৰাথান প্ৰচাৰ চলাইছে জুবিনে ।শিল্পী গৰাকীক গোৱালপাৰা আঞ্চলিক ছাত্ৰ সংস্থা আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ আছু গোটে উস্ম আদৰণি জনায়। জুবিনে কাঞ্চনজংঘাৰ সংগীত গায় সকলোকে অহা ৬ ছেপ্টেম্বৰত চিনেমা হলত গৈ চিনেমা খন চাবলৈ অনুৰোধ কৰে । কাঞ্চনজংঘাৰ জনপ্ৰিয় গীত ছাত্র-ছাত্ৰী সকলৰ মাজত গাই সকলোকে আপ্লুত কৰে জুবিন গাৰ্গে ৷
গোৱালপাৰাত জুবিনে চলালে কাঞ্চনজংঘাৰ প্ৰচাৰ
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026