তেজপুৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশীৰ নাম অন্তৰ্ভুক্ত হলে জগৰীয়া হব বিজেপি চৰকাৰ।এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাই আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দোষমুক্ত বুলিও কয় অগপৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ।তেজপুৰত উপস্হিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তইৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিজেপিৰ স্থিতি সুমেৰু আৰু কুমেৰু সদৃশ। যিহেতু চৰকাৰী বিষয়া কৰ্মচাৰী সকল চৰকাৰৰ গতিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বিদেশীৰ নাম সোমালে ৰাজ্যৰ বিজেপি চৰকাৰ দায়ি হব বুলি সংবাদ মাধ্যমৰ আগত কয়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দি প্ৰফুল্ল কুমাৰ মহন্তই ৰাষ্ট্ৰীয় বিজেপিৰ তদানীন্তন সভাপতি তথা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি কৰা মন্তব্যৰো সোঁৱৰাই দিয়ে। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ আহ্বান জনাব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ইফালে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই আছুক কৰা সমালোচনা প্ৰত্যুত্তৰ বৰ্তমানৰ আছুৰ নেতৃত্বক দিবলৈ আহ্বান জনাই পূৰ্বতে আছুক আঙুলি টোৱাবলৈ কোনেও সাহস কৰা নাছিল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026