তেজপুৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাত শান্তি- শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সমগ্র জিলাখনত তৎকালে বলৱত হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ কোনো অনুমতি অবিহনে সমাবেশ; কোনোধৰণৰ চোকা মাৰণাস্ত্ৰ,লাঠী, বা অন্য কোনোধৰণৰ অস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; দুচকীয়া বাহন যেনে: স্কুটাৰ, মটৰ চাইকেল ইত্যাদিত দুজন আৰোহী যোৱা; কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ কৰা; আগতীয়া অনুমতি অবিহনে ৰাজহুৱা স্থানত লটাৰী বা গিফ্ট কুপন বিক্ৰী কৰা; সভা পতা, ধৰ্ণা কৰা, শোভাযাত্ৰা উলিওৱা বা শ্লোগান দিয়া; নিশা ১০ বজাৰ পিছত লাউডস্পীকাৰৰ উচ্চস্বৰত ব্যৱহাৰ কৰি ধ্বনি প্ৰদূষণ কৰা ইত্যাদি নিষিদ্ধ ঘোষণা কৰা হৈছে।অৱশ্যে, দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত মহিলা, শাৰিৰীক ভাৱে দুৰ্বল লোক, শিশু আৰু চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব। তদুপৰি পাঁচ জনতকৈ অধিক লোকৰ সমাগমৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞা বজাৰ, খেলপথাৰ, ছবিগৃহ বা অন্য কোনো আমোদৰ স্থানত, শৈক্ষিক অনুষ্ঠান, ৰেল আস্থান, বাছ আস্থান, বা বিবাহ অনুষ্ঠান আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।এই আদেশ সমগ্ৰ শোণিতপুৰ জিলাত তৎকালীন ভাৱে বলৱত হোৱাকৈ তথা পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে বাহাল থাকিব।
শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা
-
By samimsultana

Security person patrolling at village near NRC Sava Kendra on the eve of Final NRC publish at Rupahihat in Nagaon district on 30-08-19, the publication of the final governments National Register of Citizens (NRC) directed by Supreme Court on 31 august 2019. Pix BY UB photos
- Categories: Uncategorized
Related Content
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026