শ্ৰীৰামপুৰ: কোকৰাঝাৰ জিলাৰ কাজিগাঁও মহকুমাৰ অন্তৰ্গত বগৰীবাৰী থানাৰ টিপকাইত কালি বিয়লি দুৰ্বৃত্তই এগৰাকী মহিলাক অচেতন কৰাৰ ঔষধ স্প্ৰে কৰি সংজ্ঞাহীন কৰি লুট কৰাৰ চেষ্টা চলায় যদিও কথমপি মহিলাগৰাকীয়ে অঘটনৰ পৰা ৰক্ষা পৰে। উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি মতে টিপকাইৰ সাগৰফেনা গাঁৱৰ নিৱাসী মন্টু ব্ৰহ্মৰ পত্নী জুলি ব্ৰহ্মই (৩০) বৃহস্পতিবাৰে বিয়লি ২-৩০ মান বজাত নিজ গৃহৰ পৰা টিপকাই বজাৰ অভিমুখে গৈ থকা সময়ত তিনি জনীয়া দুৰ্বৃত্তৰ দলে মহিলাগাকীৰ মুখমণ্ডলত স্প্ৰে মাৰে ৷ লগে লগে মহিলা গৰাকী চিঞৰি মাটিত ঢলি পৰে আৰু সংজ্ঞা হেৰুৱায়৷ তৎক্ষনাৎ দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰকীৰ লগত থকা মানি বেগ আৰু ম’বাইল ফোনটো কাঢ়ি লবলৈ চেষ্টা চলায় যদিও ঘটনাস্হলীৰ নিচেই কাষতে থকা স্হানীয় এগৰাকী লোকে ঘটনাটো প্ৰত্যক্ষ কৰি আগবাঢ়ি যোৱাত দুৰ্বৃত্তৰ দলটোয়ে পলাই যায় ৷ ইপিনে সং জ্ঞাহীন মহিলা গৰাকী অসুস্থ হৈ পৰাত পৰিয়াল তথা স্থানীয় লোকে মহিলাগৰাকীক গোসাঁইগাঁৱৰ হাব্ৰুবিল স্থিত আৰ এন বি অসামৰিক চিকিৎসালয়ত লৈ আনি ভৰ্তি কৰে ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতো মহিলা গৰাকী এতিয়াও সম্পূৰ্ণভাৱে সুস্হ হৈ উঠা নাই। আনহাতে টিপকাইৰ চাংবান্ধা গাঁৱতো এগৰাক মহিলাৰ সৈতে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে টিপকাই অঞ্চলৰ উপৰি গোসাঁইগাঁও মহকুমাতো স্প্ৰে মেনক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
কোকৰাঝাৰৰ টিপকাইত স্প্ৰে মেনৰ আতংকঃ মহিলাক সংজ্ঞাহীন কৰি লুট কৰাৰ চেষ্টা দূৰ্বৃত্তৰ
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026