ভাল টোপনিয়ে দেহলৈ সজীৱতা আনে| দিনটোৰ কৰ্মব্যস্ততা ৰ পাছত টোপনিয়ে দিনটোৰ ভাগৰ দূৰ কৰি দেহলৈ কাম কৰাৰ শক্তি পুনৰ আনি দিয়ে |নিদ্ৰাহীনতাই মানসিক উত্তেজনা বৃদ্ধি কৰে |
নিশা টোপনি নাহিলে কিছুমান উপায় অৱলম্বন কৰিব পাৰে _
●সদায় নিৰ্দিষ্ট সময়ত শোৱা ৰ অভ্যাস কৰক|
●নিয়মিত ১ঘণ্টা ব্যায়াম কৰাৰ অভ্যাসে টোপনি অহাত যথেষ্ট সহায় কৰে |
●শোৱাৰ পূৰ্বে কুহুমীয়া গৰম পানীৰে গা ধুব লাগে |
●কিতাপ পঢ়াৰ অভ্যাসে টোপনি অহাত যথেষ্ট সহায় কৰে |অহাৰ গ্ৰহণ কৰা পাছত যদি চাহ বা কফি খোৱাৰ অভ্যাস আছে তেনেহলে পৰিত্যাগ কৰক |চাহ বা কফিত থকা কেফেইনে টোপনি অহাত বাধা দিয়ে |
ADVERTISEMENT