বৰপেটা : জনীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে বিজেপি নেতা তথা জনপ্ৰিয় অভিনেতা তৌফিক ৰহমান ওৰফে তৌফিকুৰ ৰহমানে ৷ভ্ৰাম্যমানৰ অভিনেতা হিচাপে সমগ্ৰ ৰাজ্যখনতে জনপ্ৰিয় তৌফিক ৰহমানে আজি মনোনয়ন দাখিলৰ পূৰ্বে সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত তেওৰ মুখত উচ্ছাৰিত হল নাটকীয় সংলাপ ৷ মনোনয়ন দাখিলৰ পূৰ্বে তৌফিক ৰহমানে কলে- আজিৰ পৰা আৰম্ভ হ’ল যুদ্ধ ৷ এই যুদ্ধত আমি জয়ী হম ৷ যুদ্ধ হব, তামাম যুদ্ধ হব ৷ কিন্তু যুদ্ধত নমাৰ পূৰ্বেই শত্ৰুপক্ষক কটাক্ষ কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে শত্ৰুপক্ষ বৰ দূৰ্বল বুলি মনিতব্য কপাৰ লগতে নিজকে অধিক শক্তিশালী বুলিও দাবী কৰে ৷ তেওলোকৰ লগত যুঁজি মজা নালাগিব বুলিও মন্তব্য কৰে তৌফিকুৰ ৰহমানে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী চুচৰি থকা বুলি কোৱাৰ লগতে এআইইউডিএফৰ এটা শকিতিশালী পক্ষই বিদেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি বিজেপিক কোনোৱে বলে নোৱাৰিব বুলিও দাবী কৰে জনীয়াৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে ৷