বঙাইগাঁও: সাহিত্য অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট লেখিকা তথা কৃতী শিক্ষয়িত্ৰী প্ৰমীলা নাৰ্জাৰীৰ ১৪ ছেপ্টেম্বৰত পৰলোক ঘটাৰ পাছত কালি ২৯ ছেপ্টেম্বৰত প্ৰয়াত সাহিত্যিক গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ বড়োবাজাৰস্থিত বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটা সাহিত্যিক গৰাকীৰ বাসগৃহত আদ্যশ্ৰাদ্ধ উপলক্ষে বড়ো মহিলা লেখিকা সংস্থাই এক এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰে ৷ স্মৃতিচাৰণ সভাত প্ৰয়াত প্ৰমীলা নাৰ্জাৰীৰ মুঠ ১২ টা স্বৰচিত গল্পৰ সংকলন ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ নামৰ গ্ৰন্থখনি উন্মোচন কৰে বড়ো মহিলা লেখিকা সংন্থাৰ উপ-সভানেত্ৰী তথা সাহিত্য অকাডেমী বড়ো উপদেষ্টা বোৰ্ডৰ সদস্য অনজালী বসুমতাৰীয়ে ৷ সাহিত্যিক প্ৰমীলা নাৰ্জাৰীৰ সাহিত্য কীৰ্তিৰ ওপৰত অনজালী বসুমতাৰীয়ে আলোকপাত কৰে ৷ স্মৃতিচাৰণ সভাত বড়ো সাহিত্য সভাৰ উপ-সভাপতি ৰমিলা বসুমতাৰী, সদৌ বড়ো সমাজৰ সভাপতি ৰাজেন বড়ো, বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰী, বড়ো লেখিকা সন্থাৰ সম্পাদিকা ধীৰ্যু জ্যোতি বসুমতাৰী, বিটিচিৰ পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰী সহ উপস্থিত বিজনী জিলা বড়ো সাহিত্য সভাৰ আৰু বিজনী আঞ্চলিক এবছুৰ নেতৃত্বই প্ৰয়াত প্ৰমীলা নাৰ্জাৰীলৈ শ্ৰদ্ধা নিবেদন কৰি স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে প্ৰয়াত প্ৰমীলা নাৰ্জাৰী স্বৰচিত গল্প সংকলন ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ প্ৰকাশ কৰিছে বড়ো লেখিকা সন্থাই ৷চিৰাং জিলাৰ বড়ো বজাৰ শিক্ষাখণ্ডৰ ৯১ নং মাক্ৰা শিলবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা বড়োবজাৰৰ বাসিন্দা সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক, কৃতী শিক্ষয়িত্ৰী, সাহিত্যিক প্ৰমীলা নাৰ্জাৰীয়ে বিগত ২০০৫ চনত বুঢ়ী আইৰ সাধু গল্প পুথি বড়ো ভাষালৈ ‘আবৈনী চলো’ অনুবাদ কৰি অনুবাদৰ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা, ২০১৬ চনত অসম চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠা শিক্ষয়িত্ৰীৰ সন্মান,২০১৭ চনত চিৰাং জিলা প্ৰশাসনৰ পৰা শ্ৰেষ্ঠা শিক্ষা সেৱাৰ সন্মান, ২০১৮ চনত অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা শিক্ষা ৰত্ন বঁটা আৰু বহতো সন্মানেৰে বিভুষিতা হৈছিল ৷প্ৰয়াত প্ৰমীলা নাৰ্জাৰীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ ‘সোণপাহি’ গ্ৰন্থখনিও বড়ো ভাষালৈ অনুবাদ কৰিছে ৷
সাহিত্য অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট লেখিকা, কৃতী শিক্ষয়িত্ৰী প্ৰমিলা নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধত গ্ৰন্থ উন্মোচন
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026