দুলীয়াজান: কালি নিশা দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ ৭ ন্ং লাইনৰ নিৱাসী উজ্জ্ব্ল দেওৰী নামৰ লোকজনৰ ঘৰটো ৰাজীৱ কুৰ্মী নামৰ এজন লোকে তেওঁক মদ খাবলৈ নিদিয়াৰ বাবে দেওৰী ঘৰটো জ্ব্লাই দিয়াৰ অভিযোগ উঠিছে ।উল্লেখ্য যে, ভূক্ত্ভোগী দেওৰী সদৰী কৰা অনুসৰি, কালি নিশা প্ৰায় ৭-৩০ মান বজাত ৰাজীৱ তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু দেওৰীৰ পৰা মদ বিচাৰিছিল ।ভুক্ত্ভোগীয়ে মদ নথকা বুলি কোৱাত তেওঁক ৰাজীৱে মাৰপিট কৰি আতঁৰি যোৱাৰ লগতে তেওঁলোকৰ ঘৰটো জ্ব্লাই দিয়াৰ ভাবুকি প্ৰ্দান কৰিছিল ।ঘ্টনাৰ শামকটাৰ উদ্দেশ্য দেওৰী আৰু তেওঁৰ পিতৃ পথাৰলৈ কিছু সময়ৰ বাবে আঁতৰি যায় ।দেওৰীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি,এঘ্ন্টামানৰ পাছ্ত অৰ্থাৎ নিশা প্ৰায়্ ৮-৩০ মান বজাত তেওঁলোকৰ ঘৰটো জ্ব্লি থকা প্ৰ্ত্যক্ষ কৰি লগে লগে অইল আৰু অসম গেছ কোম্পানী লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলক খবৰ দিয়ে ।ঘ্টনাস্থলীত অইলৰ দুয়োটা উদ্যোগৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পাছ্ত আহে যদিও ঘৰটো ভষ্মীভূত হয় ।অগ্নি কাণ্ডত ঘৰৰ টিভি, নগদ ধন ,অন্যান্য বস্ত্ত্সহ প্ৰায় তিনিলাখ টকা সা-সম্পত্তি জুইত জাহ যায় ।আজি পুৱা দেওৰীয়ে দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।