ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ স্বয়ম্ভু ব্ৰিগেডিয়াৰ দৃষ্টি ৰাজখোৱা ওৰফে এলেক্স অসমৰ ব্যক্তিগত সুৰক্ষা বিষয়াৰ দ্বায়িত্বত থকা স্বয়ম্ভু কৰ্পৰেল দেৱল জ্যোতি দত্ত ওৰফে দিয়ৰ অসম। আৰক্ষীৰ শীৰ্ষ সূত্ৰ অনুসৰি যোৰহাটৰ ন’বৰাৰ নিবাসী আলফা স্বাধীনৰ কৰ্পৰেল দেৱলজ্যোতিয়ে জয়পুৰৰ অসম আৰক্ষী আৰু সেনাৰ যুটীয়া দলৰ সন্মুখত জয়পুৰৰ সেনা চাউনিত আত্মসমৰ্পণ কৰিছে।এটা চীনত নিৰ্মিত পিষ্টল, আৰু চাৰি জাই সজীৱ গুলী সহ আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ বিষয়ববীয়া গৰাকীয়ে প্ৰাৰম্ভিক জেৰাত নিজক দৃষ্টি ৰাজখোৱাৰ উক্ত দ্বায়িত্বত আছিল বুলি প্ৰকাশ কৰিছে। ২০১৭ৰ মাৰ্চত আলফা স্বাধীনত যোগদান কৰা দেৱল জ্যোতিয়ে মেঘালয় আৰু বাংলাদেশৰ এখন হাবিত ৩ মাহৰ প্ৰশিক্ষণ লৈছিল। ২০১৮ৰ নবেম্বৰত যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আলফা জনে চলিত বৰ্ষৰ জুলাইত জামিনত মুক্তি লাভ কৰি পুনৰ আলফাৰ হৈ বাংলাদেশৰ সীমাৰ মেঘালয়ৰ জিলা আৰু অসমৰ গোৱালপাৰা, ধুবুৰী আৰু নলবাৰী জিলাত কুতাঘাটমূলক কাম কৰাৰ দ্বায়িত্বত আছিল।আলফা স্বাধীনৰ হৈ মেঘালয়ত গাৰো নেচনেল লিবাৰেইচন আৰ্মি(জি এন এল এ)ৰ সৈতে কাম কৰি ধন দাবীত জড়িত আছিল। যি ধন ৬০% জি এন এল এ আৰু ৪০ শতাংশ ধন আলফা স্বাধীনৰ নামত ভাগ কৰা হৈছিল বুলি প্ৰকাশ কৰিছে কেডাৰ জনে।অবশ্যে কৰ্পৰেল দেৱল জ্যোতি দত্তৰ সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীয়ে আনুষ্ঠানিক ভাৱে কোনো তথ্য বৰ্তমান লৈকে প্ৰকাশ কৰা নাই।
আৰক্ষীৰ জালত আলফা স্বাধীনৰ স্বয়ম্ভু ব্ৰিগেডিয়াৰ দৃষ্টি ৰাজখোৱাৰ ব্যক্তিগত সুৰক্ষা বিষয়া
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026