তিনিচুকীয়াত আলফা (স্বাঃ)ৰ সদস্য ৰিতুৰাজ অসমৰ আত্মসমৰ্পন

m

ডুমডুমা : ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান চলি থকাৰ মাজতে ইতিমধ্যেই কেইবাজনো আলফা(স্বাঃ) নেতা কেডাৰ আটক হোৱাৰ সমান্তৰালকৈ বহুকেইজন সদস্যই আত্মসমৰ্পন খবৰ পোৱা গৈছে। আলফা স্বাধীনৰ সদস্য ৰিতুৰাজ অসম ওৰফে গিৰিন্দ্ৰ ফুকনৰ আত্মসমৰ্পন বাতৰি পোৱা গৈছে ৷ আজি তিনিচুকীয়া আৰক্ষী , ভৰতীয় সেনাৰ ২৩ পাঞ্জাৱ ৰেজিমেণ্ট, ২১ পেৰা স্পেচিয়েল কামাণ্ড বাহিনীৰ ওচৰত আত্ম সমৰ্পণ কৰে আলফা (স্বাঃ) ৷ ৰিতুৰাজ অসম আলফা স্বাধীনৰ দুধৰ্ষ নেতা উদয় অসমৰ অতি ঘনিষ্ঠ আছিল আৰু যোৱা কিছুদিন পূৰ্বে ম্যানমাৰ পৰা অসমত উদয় অসমৰ লগত প্ৰৱেশ কৰিছিল বুলি চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ৷ ৰিতুৰাজ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানি গাঁৱত বুলি জানিব পৰা গৈছে। তেওঁৰ আত্মসমৰ্পণ কৰা সময়ত এটা একে ৮১ ছিৰিজৰ ৰাইফল, দুটা মেগজিন , ৬০ ৰাউণ্ড ৭°৬২এম এমৰ সজীৱ গুলি আৰক্ষীৰ হাতত জমা দিয়ে।

ৰন্টু নেওগ

Exit mobile version