অস্ত্ৰ শস্ত্ৰ সহ তিনি দূৰ্ধৰ্ষ চোৰাং গড় চিকাৰি গ্ৰেপ্তাৰ দলগাঁৱত

qqqq
অগ্ৰদূত বাৰ্তা, দলগাঁও, ৩০ অক্টোবৰ:: দৰং জিলা আৰক্ষীয়ে ব্যাপক অভিযান চলাই তিনি জন দূৰ্ধৰ্ষ চোৰাং গড় চিকাৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আজি পুৱতি নিশা জিলা আৰক্ষীয়ে শ্যামপুৰ থানাৰ অন্তৰ্গত “জাগুৱা”ৰ চাপৰিৰ পৰা  জাকিৰ হুছেইন নামৰ এজন দুৰ্ধর্ষ চোৰাং চিকাৰীক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে । দৰং আৰক্ষীৰ উপ-আৰক্ষী মামণি হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলটোৱে ধৃত জাকিৰ হুছেইনৰ ঘৰৰ পৰা দুটা হস্ত নিৰ্মিত থ্ৰি নট থ্ৰি ৰাইফল, ৪ জাই  সজীৱ গুলীৰ লগতে ৫ জাই ১২ ব’ৰৰ গুলী উদ্ধাৰ কৰে । আনহাতে শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰজ আলম চৌধুৰীৰ নেতৃত্বত যোৱা আন এটি আৰক্ষীৰ দলে নুৰ ইছলাম আৰু জাল্লালুদ্দিন নামৰ দুই দুৰ্ধর্ষ গড় চিকাৰীক .২২ পিষ্টল আৰু ৪ জাই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য নে ধৃত নুৰ ইছলামৰ ঘৰ হোজাই জিলাৰ লামডিংত আৰু জাল্লালুদ্দিনৰ ঘৰ হাৰমতীত ।
Exit mobile version