অগ্ৰদূত বাৰ্তা,গহপুৰ,১৯ মাৰ্চঃ কৰ’নাৰ আতংকৰ সমান্তৰালকৈ গহপুৰৰ দক্ষিণাঞ্চলত এক অচিন ৰোগৰ সন্ত্ৰাসত দিক বিদিক হেৰুৱাইছে সৰ্ব সাধাৰণ ৰাইজৰ লগতে পশুপালকসকলে ৷ বিগত ১৫ দিন ধৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা অচিন ৰোগবিধত শ শ গাহৰিৰ মৃত্যু ঘটাত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ৷গহপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া বৰতামুলি গাঁও পঞ্চায়তৰ লৌ গুটি,সুৰতামুলি,বৰতামুলি,লোহিতমুখ আদি অঞ্চলত দৈনিক অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিসমূহৰ ।মৃত গাহৰি সমূহ পুতিবলৈ স্থানৰ অভাৱ ঘটাত খাৰৈ নৈত মৰাশসমূহ উটুৱাই দিয়াৰ ফলত সমগ্ৰ অঞ্চল দুৰ্গন্ধই ছানি ধৰাৰ লগতে প্ৰদূষিত হৈ পৰিছে নৈ খনৰ পানী ৷ বিগত ১৫ দিনত গহপুৰৰ দক্ষিণাঞ্চলত প্ৰায় ৬০০ ৰো অধিক গাহৰিৰ মৃত্যৃ হোৱাত এক অজান আতংকৰ মাজত দিন পাৰ কৰিছে অঞ্চলবাসীয়ে ৷ ৰাইজে এই সন্দৰ্ভত পশু বিভাগক জনাইছে যদিও বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে এই বিষয়ে কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। অচিন ৰোগ বিধত আক্ৰান্ত গাহৰিৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত মানৱ শৰীৰলৈ এই ৰোগ বিধ বিয়পাৰ আশংকা ব্যক্ত কৰিছে নৈ পৰীয়া ৰাইজে ৷দীৰ্ঘ দিন ধৰি গাহৰি পালনৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা নৈ পৰীয়া ৰাইজৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে ৷ গতিকে ৰাইজে অঞ্চলটোত উপযুক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰ স্থাপন কৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ ওচৰত দাবী জনোৱাৰ লগতে এটা পশু চিকিৎসা বিভাগৰ দল নিয়োজিত কৰিবলৈ আহ্বান
গহপুৰৰ দক্ষিণাঞ্চলত অচিন ৰোগত শ শ গাহৰিৰ মৃত্যু:শংকিত ৰাইজ
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026