সতৰ্ক নহ’লে আমেৰিকাত ২২ লাখ,ব্ৰিটেইনত পাঁচ লাখ মানুহৰ মৃত্যু হ’ব পাৰে

6

কৰ’না ভাইৰাছক লৈ বিশেষজ্ঞৰ দাবী

নিউজ ব্যুৰ’,নতুন দিল্লী,১৮ মাৰ্চঃ সমগ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাচৰ আতংকই বিৰাজ কৰিছে ।বিশ্বজুৰি এই মূহূৰ্তত কৰ’না ভাইৰাছত ১,৯৭,৪৯০ জন আক্ৰান্ত হৈছে ।একেদৰে এই পৰ্যন্ত মৃতকৰ সংখ্যা হৈছে আঠ হাজাৰৰো অধিক ৷সতৰ্কতাৰ মাত্ৰা বৃদ্ধি নকৰিলে আমেৰিকাত এই ভাইৰাছত আক্ৰান্ত হৈ লক্ষ মানুহৰ মৃত্যু হ’ব পাৰে ।ইয়াৰ উপৰি ব্ৰিটেইনত মৃতকৰ সংখ্যাই পাঁচ লাখৰ ঘৰ চুবগৈ ৷এই দাবী ব্ৰিটেইনৰ গৱেষকৰ ।মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনেও কৰ’না ভাইৰাছৰ কাৰণে লৈছে বিশেষ পদক্ষেপ ৷ আমেৰিকাত ইউৰোপীয়সকলৰ প্ৰবেশৰ ক্ষেত্ৰতো এমাহৰ নিষেধাজ্ঞা জাৰি কৰিছে ।এই পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি কৰ’নাৰ মোকাবিলাৰ বাবে দেশজুৰি কঠোৰ নিৰ্দেশনা জাৰি কৰি বিট্টেইনৰ ব’ৰিছ জনছন চৰকাৰে ।লণ্ডন তথা ব্ৰিটেইনৰ পৰিস্থিতি ইটালী বা ইৰানৰ দৰে ভয়াবহ ন’হলেও সজাগ হৈছে দেশখনৰ চৰকাৰ ৷ উল্লেখযোগ্য যে চীনৰ পিছতে কৰ’নাত আক্ৰান্ত হৈ ইটালীত বৃদ্ধি পাইছে মৃতকৰ হাৰ ৷ ইতিমধ্যে আঢ়ৈ হেজাৰৰ অধিক লোকৰ এই দেশত মৃত্যু হৈছে ৷আক্ৰান্তৰ সংখ্যা ৩১ হেজাৰৰো অধিক। ১৯১৮ চনত বিশ্বজুৰি যি অতিমাৰী হৈছিল তাৰ সৈতে কৰ’নাক তুলনা কৰা হৈছে। ইফালে ব্ৰিটেইনৰ উপৰি কৰ’না ভাইৰাছৰ প্ৰকোপত কেৱল মাৰ্কিন যুক্তৰাষ্ট্ৰতে ২২ লক্ষ মানুহৰ মৃত্যু হোৱাৰ প্ৰবল আশংকা আছে ৷ গৃহবন্দী হৈ থাকিলেও এই সংখ্যাৰ অধিক হেৰফেৰ নহ’ব বুলিয়ে বিশেষজ্ঞৰ মত প্ৰকাশ ৷ এই ভাইৰাছৰ লগত মোকাবিলাৰ বাবে সমাজে বৃহৎসংখ্যক পাব থিয়েটাৰ বা ক্লাবত সমবেত হোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে বিশেষজ্ঞই ৷ আনহাতে ছৌদি আৰৱ,ইজবেকিস্তান,কাজাখস্তান আদিতো কৰ’না ভাইৰাছে প্ৰবেশ কৰিছে। নাগৰিকসকলৰ সুৰক্ষাৰ কাৰণে সকলো সমাবেশ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷ইটালীত মৃতকৰ সংখ্যা আঢ়ৈ হেজাৰৰো অধিক হৈছে ৷ মুঠ আক্ৰান্তৰ সংখ্যা ৩১,৫০৬ জন ৷ ইউৰোপৰ ভিতৰত ইটালীৰ পাছতে আক্ৰান্ত দেশ স্পেইন৷ দেশখনত ১১,১৭৮ জন কৰ’নাত আক্ৰান্ত হৈছে ৷ প্ৰাণ হেৰুৱাইছে ৪৯১ জন ৷ ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰত মৃতকৰ সংখ্যা শতাধিক হৈছে ।দেশখনৰ ৫০ খন প্ৰদেশত কৰ’নাই আক্ৰমণ কৰিছে ৷ এই দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৩৩০ জন ৷

Exit mobile version