গুৱাহাটী,২২মাৰ্চঃ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই যোৰহাট পুলিবৰৰ ৪ বছৰীয়া কণমানি শিশুটি। আজি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰে এই তথ্য ৷ মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা যোৰহাটৰ এই পৰিয়ালটো গৈছিল কেৰেলালৈ। শিশুটিকে ধৰি পৰিয়ালৰ বাকী সদস্যকেইজনো জ্বৰ,চৰ্দি,কাঁহত আক্ৰান্ত হৈছিল ৷ কেৰেলাৰ পৰা যোৰহাটত উপস্থিত হোৱাৰ পিছত প্ৰথমবাৰৰ যোৰহাট মেডিকেল চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিছত শিশুটি কৰ’নাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে যোৰহাট জিলা প্ৰশাসনে ৷আনকি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও শিশুটিক কৰ’নাত আক্ৰান্ত বুলি মন্তব্য কৰে ৷অৱশ্য আৰু এবাৰ পৰীক্ষা কৰাৰ পিছতহে নিশ্চিত তথ্য প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে চিকিৎসক তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে শিশুটি কৰ’নাত আক্ৰান্ত হৈছে নে তাক সেয়া পৰীক্ষা কৰিবলৈ দ্বিতীয়বাৰৰ বাবে নমুনা লাহোৱালৰ আই চি এম আৰলৈ পঠোৱা হয়। আৰু এই পৰীক্ষাৰ নমুনাত শিশুটি কৰ’নাত আক্ৰান্ত যে নহয় সেয়া নিশ্চিত হয়। ইয়াৰ লগে লগে শিশুটিৰ পৰিয়ালৰ লগতে সকলো অসমবাসীয়ে সকাহ লাভ কৰে।ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ড° পূৰ্ণিমা বৰুৱাই সদৰী কৰা অনুসৰি কৰ’নাত আক্ৰান্ত বুলি সন্দেহ কৰা শিশুটিৰ লগতে মাতৃ আৰু ভগ্নীকো বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ৷বৰ্তমান তিনিৰে স্বাস্থ্য উন্নত অৱস্থালৈ আহিছে ৷লগতে অধীক্ষক গৰাকীয়ে জনাই যে যোৱা ২৪ ঘন্টাত কোনো নতুন লোকক আচুতীয়া কক্ষত ৰখা হোৱা নাই ৷ সম্প্ৰতি পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক ৷ উল্লেখ্য যে,যোৰহাট পুলিবৰৰ সৰুচৰাই অঞ্চলৰ শিশুটি মাতৃ আৰু ভগ্নীৰ স’তে যোৱা ১৯ মাৰ্চত ৰেলযোগে বিহাৰৰ পৰা মোমায়েকৰ ঘৰলৈ আহিছিল ৷ শিশুটিৰ পিতৃৰ ঘৰ বিহাৰত ৷ তেওঁৰ পিতৃ সম্প্ৰতি বিহাৰতে আছে। মোমায়েকৰ ঘৰত উপস্থিত হোৱাৰ পিছত শিশুটিৰ মাতৃ আৰু ভগ্নীসহ জ্বৰত আক্ৰান্ত হোৱাত আশা কৰ্মী,এ এন এম নাৰ্ছ আৰু এম পি ডব্লিউৱে পৰিয়ালটোৰ ঘৰলৈ গৈ প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াইছিল ৷কন্যা শিশুটিৰ অসুস্থতাৰ লক্ষণবোৰৰ লগত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ বহু সাদৃশ্য লাভ কৰিছিল ৷সেই বাবে শিশুটিৰ লগতে মাতৃ আৰু ভগ্নীকো যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি ভৰ্ত্তি কৰোৱা হয় ।আৰু সকলো পৰীক্ষাৰ অন্তত কৰ’না ভাইৰাছৰ স্থিতি নাই বুলি নিশ্চিত হয় ৷ ইফালে জনতা কাৰ্ফিউৰ সময়সীমা আজি নিশা ন বজাত অন্ত পৰাৰ কথা আছিল যদিও, যোৰহাটত জনতা কাৰ্ফিউৰ সময়সীমা সোমবাৰে পুৱা ন বজালৈ বৃদ্ধি কৰা হৈছে ৷
কৰ’নাত আক্ৰান্ত হোৱা নাই যোৰহাটৰ ৪ বছৰীয়া শিশু
-
By publisher

Children wearing face masks cross a road during a Lunar New Year of the Rat public holiday in Hong Kong on January 27, 2020, as a preventative measure following a coronavirus outbreak which began in the Chinese city of Wuhan. (Photo by Anthony WALLACE / AFP) (Photo by ANTHONY WALLACE/AFP via Getty Images)
- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026