মুম্বাই,২২মাৰ্চঃ প্ৰচুৰ ইচ্ছাশক্তি তথা জীৱনৰ প্ৰত্যাহ্বানসমূহক জয়ী কৰি নিজৰ লক্ষ্যত উপনীত হ’ব পৰা ব্যক্তিসকলেই জীৱন যুদ্ধত জয়ী হ’ব পাৰে ৷তাৰেই এক জলন্ত উদাহৰণ হ’ল মহাৰাষ্ট্ৰৰ সৰু গাঁও ৰোপাৰখেদাৰ নিবাসী কল্পনা সৰোজ ৷ এটা দলিত পৰিয়ালত জন্ম গ্ৰহণ কৰিও কল্পনা আজি বহু যুৱতী, মহিলাৰ কাৰণে প্ৰেৰণাৰ উৎস ৷ শৈশৱৰ পৰাই কল্পনাই নানা সামাজিক আৰু গাহৰ্স্থ্য হিংসাৰ মাজেৰে ডাঙৰ হৈছিল। কেতিয়াবা এনেধৰণৰ পৰিস্থিতিত নিজকে শেষ কৰি দিয়াৰো পৰিকল্পনা কৰিছিল ৷ কিন্তু এটা সময়ত কল্পনাই জীৱনৰ প্ৰকৃত অৰ্থ আৰু মূল্য বিচাৰি পাইছিল। কাৰণ কল্পনা এতিয়া সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি ৷ মাত্ৰ দুটকা দৰমহাৰে এটা কাপোৰৰ কাৰখানা এটাত কৰ্মজীৱন আৰম্ভ কৰা এই মহিলাগৰাকী সম্প্ৰতি ১১ কোটি ২০ লাখ ডলাৰৰ গৰাকী । দলিত পৰিয়ালত জন্ম হোৱাৰ কাৰণে কল্পনা বিদ্যালয়ত শিক্ষক সহপাঠীৰ পৰা লাভ কৰিছিল অৱহেলা। কল্পনাৰ পিতৃয়ে সন্তানক দশম শ্ৰেণীলৈকে পঢ়াব বিচাৰিছিল যদিও সমাজৰ ছাপত সেয়া হৈ নুঠিল ।ইয়াৰ পিছত কল্পনা সৰোজে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল যদিও স্বামী আৰু শাহু শহুৰেকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছিল ।বিয়াৰ ছমাহৰ পিছত কল্পনাৰ পিতৃয়ে জীয়ৰীক বিবাহ বিচ্ছেদ কৰোৱাই স্বামী গৃহৰ পৰা ঘৰলৈ আনি বিদ্যালয়ত নামভৰ্তি কৰায় ৷কিন্তু সমাজৰ কু দৃষ্টিত কল্পনাই আত্মহত্যাৰো অপচেষ্টা চলাইছিল ।কিন্তু কল্পনাৰ প্ৰাণ ৰক্ষা পৰাৰ সমান্তৰালকৈ এক নতুন জীৱন লাভ কৰিছিল ৷মুম্বাইৰ খুড়াকৰ গৃহত থকা কল্পনাই প্ৰথমতে সৰু কাপোৰৰ কাৰাখানত দুটকা দৰমহাৰে কাম আৰম্ভ কৰিছিল। অতি সীমিত দিনৰ ভিতৰতে কল্পনাই কাপোৰৰ চিলাই কাম আয়ত্ত কৰি কাৰখানাৰ জেষ্ঠ্য টেইলৰ হৈ পৰে । আৰু আজি কল্পনা সৰোজক সকলো যুৱতীৰ কাৰণে প্ৰেৰণা উৎস ।
দুটকা দৰমহাৰ চাকৰিৰ পৰা হ’লগৈ ১১ কোটি ডলাৰৰ গৰাকী
-
By publisher

- Categories: Uncategorized
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026