কৰ’নাৰ পিছত এইবাৰ চীনত হান্টেৰ সন্ত্ৰাস

2

 

গুৱাহাটী,২৪ মাৰ্চঃ সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নৌযাওতেই চীনত এইবাৰ উৎপত্তি হৈছে হান্টা ভাইৰাছৰ। চৰকাৰ নিয়ন্ত্ৰিত বাতৰিকাকত গ্ল’বেল টাইমছে সদৰি কৰা অনুসৰি চীনত হান্টা ভাইৰাছত এজন লোকৰ মৃত্যু হৈছে ৷ চীনত হান্টা ভাইৰাছত মৃত্যু হোৱা লোকজন যিখন বাছত ভ্ৰমণ কৰিছিল,সেই বাছখনৰ ৩২ জন লোকক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৷কৰ’না পিছতে চীনৰ পৰা প্ৰাদুৰ্ভাৱ হোৱা এই ভাইৰাছৰ ফলত সম্প্ৰতি সমগ্ৰ বিশ্বত উদ্বেগৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে ১৯৯৩ চনত আমেৰিকাত হান্টা ভাইৰাছৰ ফলত বহু কেইজন লোকৰ মৃত্যু হৈছিল ৷কিন্তু মন কৰিবলগীয়া কথা এয়ে যে এই ভাইৰাচ বতাহৰ দ্বাৰা নিবিয়পে। নিগনিয়ে কামুৰিলে বা প্ৰস্ৰাৱ মল মূত্ৰৰ পৰা হান্টা ভাইৰাচ বিয়পে ।গতিকে কৰ’না ভাইৰাছৰ দৰে হান্টা ভাইৰাচ এজনৰ পৰা আনজনৰ দেহলৈ সংক্ৰমিত নহয়। কিন্তু ২০১৯ চনৰ নবেম্বৰ মাহত প্ৰথম চিনাক্ত হোৱা কৰ’না ভাইৰাছক প্ৰথমতে চীনত গুৰুত্ব দিয়া নাছিল ৷মাত্ৰ এজন লোকৰ শৰীৰত পোৱা কৰ’নাই আজি সমগ্ৰ দেশ ধ্বংস কৰিছে ৷ইপিনে বিভিন্ন সময়ত বিভিন্ন ভাইৰাছৰ লক্ষণসমূহ পৰিৱৰ্তন হৈ থাকে ৷গতিকে অনাগত দিনত হান্টে ভাইৰাছে কি ৰূপ লয় সেয়া সময়েহে ক’ব ৷

Exit mobile version