ৰেলৰ দবাক আছুতীয়া কক্ষৰূপে প্ৰস্তুত

28 03 2020 indian 20146687

মাৰাত্মক ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেয়েহে তলাবন্ধ পৰিস্থিতিত ৰেলৰ দবাক আছুতীয়া কক্ষৰূপে ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে এই বিষয়ে পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিন্তা-চর্চা কৰি আহিছে। এতিয়া ইয়াক বাস্তৱায়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তলাবন্ধ, আছুতীয়া কক্ষ আৰু কোৱাৰেণ্টাইন এই তিনিটা শব্দ হৈছে বৰ্তমানৰ সমস্যা সমাধানৰ মন্ত্ৰ।

দেশত যিহেতু ৰাজহুৱা পৰিবহন ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে সেয়েহে অব্যৱহৃত হৈ থকা ৰেলগাড়ীসমূহক ব্যৱহাৰৰ পৰিকল্পনা কৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে। মন্ত্ৰণালয়ৰ বিবৃতিত প্ৰকাশ যে ৰেলৰ কেবিনসমূহৰ পৰা মাজৰ আসনসমূহ আঁতৰাই ২ ফুট দূৰত্বত সৃষ্টি কৰা হৈছে। তদুপৰি বটল থ’ব পৰাৰ অতিৰিক্ত ব্যৱস্থা কৰা হৈছে। দুটা কেবিনৰ মাজত প্লাষ্টিক পৰ্দা আঁৰি দিয়া হৈছে।

একো একোটা দবাৰ চাৰিটা শৌচাগাৰৰ ভিতৰত এটা গা ধোঁৱা ঘৰলৈ ৰূপান্তৰিত কৰাৰ লগতে শ্বাৱাৰ,মগ, বাল্টি আদিৰ ব্যৱস্থা কৰি দিয়া হৈছে। একেদৰে আছুতীয়া কক্ষৰ ভিতৰত যাতে গৰম কম হয় তাৰ বাবে দেৱালত বাঁহৰ পৰ্দাও আঁৰি দিয়া হৈছে। ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ৰেলৰ পেন্ট্ৰিকাৰক অস্থায়ীভাৱে পাকঘৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও কৰা হৈছে। যিসকল লোকে কোৱাৰেণ্টাইনত থাকিব তেওঁলোকৰ খোৱা-বোৱাৰব্যৱস্থা কৰা হ’ব। চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবেও পেণ্ট্ৰিকাৰে খাদ্য সৰবৰাহ কৰিব।

বিভিন্ন ষ্টেছনত থকা আছুতীয়া কক্ষলৈ ম’বাইল পেন্ট্ৰিকাৰৰ জৰিয়তে খাদ্য প্ৰেৰণ কৰা হ’ব। একোটা দবাত ১০ জনকৈ লোক থাকিব পৰাকৈ ব্যৱস্থা কৰা হৈছে । পৰিকল্পনা অনুসৰি ২০ হাজাৰ দবাক আছুতীয়া কক্ষ হিচাপে ব্যৱহাৰৰ উপযোগী কৰা ৰখাৰ লগতে এই আছুতীয়া কক্ষসমূহত ভেণ্টিলেটৰৰ ব্যৱস্হা কৰাৰো চেষ্টা অব্যাহত আছে। তদুপৰি ৰেল মন্ত্ৰণালয়ে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে।

 

Exit mobile version