তিনি মাহলৈ বিনামূলীয়াকৈ চাউল দাইল

gohpur

দেশত অব্যাহত থকা ২১ দিনীয়া তলাবন্ধৰ সময়ছোৱাত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান স্বাভাৱিক কৰি ৰখাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে ।অসমতো তাৰ বাবে ৰাজ্য চৰকাৰ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও তলাবন্ধৰ মাত্ৰ চাৰি দিনতে খাদ্য সামগ্ৰীৰ বহু দোকান উদং হৈ পৰিছে ৷ ফলত যিসকল লোকে বন্ধৰ আগমুহূৰ্তত অধিক দিনৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে ৷তদুপৰি একেলগে অধিক দিনৰ বাবে আগতীয়াকৈ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ যিবোৰ পৰিয়াল আৰ্থিকভাৱে সচ্ছল নহয় তথা বহু হিচাপ নিকাচ কৰিহে সা সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷

তেনে সকলো পৰিয়াল তলাবন্ধৰ আৰম্ভণিতে অসুবিধাত পৰিছে ৷ সমান্তৰালভাৱে সামগ্ৰীবোৰৰ মূল্যবৃদ্ধিয়েও নিম্ন আয়ৰ লোকসকলক জটিলতা পেলাইছে ৷ অৱশ্যে আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দৈনিক অগ্ৰদূতক কয় যে অসমক তিনি মাহৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে ৷গতিকে অভাৱৰ প্ৰশ্নই নাহে ৷ তদুপৰি বহিঃৰাজ্যৰ পৰাও খাদ্য সামগ্ৰীৰ আমদানি চলি থকা বুলি মুখ্য সচিবজনে জনায় ৷

চৰকাৰৰ এনে ভাষ্যৰ বিপৰীতে অকল গুৱাহাটীৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ কেইবাজনো বিক্ৰেতাই কয় যে বেছিভাগ পাইকাৰী দোকান সম্প্ৰতি বন্ধ ৷যাৰ বাবে তেওঁলোকে সামগ্ৰী সংগ্ৰহ কৰিব পৰা নাই ৷কেৱল আলু আৰু পিয়াঁজৰ যোগানহে তুলনামূলকভাৱে স্বাভাৱিক হৈ আছে ৷তাৰ বিপৰীতে অন্যান্য সামগ্ৰীৰ ভৰাঁল বহু দোকানত ইতিমধ্যে উদং হৈছে ৷ বেছিভাগ পাইকাৰী দোকানেই যোগান ব্যাহত হোৱাৰ ফলত বন্ধ হৈ আছে ৷ইয়াৰ প্ৰভাৱ পৰিছে তেনে দোকানবোৰৰ পৰা সামগ্ৰী সংগ্ৰহ কৰা খুচুৰা বিপণীবোৰত ৷

উদাহৰণ স্বৰূপে মহানগৰীৰ গণেশগুৰিস্থিত পাইকাৰী বজাৰ বন্ধ হৈ থকাৰ ফলত ইয়াৰ প্ৰভাৱ পৰিছে উক্ত বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰা বৃহৎ সংখ্যক খুচুৰা ব্যৱসায়ী ৷তেনেদৰে পশ্চিম অসমৰ অন্যতম বৃহৎ বৰপেটাৰোডৰ পাইকাৰী বজাৰ বন্ধৰ প্ৰভাৱ পৰিছে হেজাৰ হেজাৰ খুচুৰা বিপণীৰ ওপৰত ৷অৱশ্যে মুখ্য সচিব সঞ্জয় কুমাৰ কৃষ্ণই জানিবলৈ দিয়ে যে যি যি অসুবিধাবোৰ পোহৰলৈ আহিছে সেইবোৰ অহা তিনি চাৰিদিনৰ ভিতৰত স্বাভাৱিক হ’ব। তলাবন্ধৰ সময়ত খাদ্য সামগ্ৰীৰ যোগান সন্দৰ্ভত দিছপুৰত মুখ্য সচিব সঞ্জয় কৃষ্ণই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো জিলাৰ উপায়ুক্তৰ লগতে মত বিনিময় কৰে।

মুখ্য সচিবে জিলাসমূহত মজুত থকা খাদ্য সামগ্ৰীৰ পৰিমাণৰ বুজ লয় আৰু যোগান স্বাভাৱিক কৰি ৰাখিবলৈ সকলোকে নিৰ্দেশ দিয়ে ৷দোকানত যাতে ঠেলা হেচাঁ নহয় সেয়া নিৰীক্ষণ কৰিবলৈ উপায়ুক্তসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ইফালে পৰিয়াল পৰিচয় পত্ৰৰ জৰিয়তে সুলভ মূল্যৰ দোকানৰ পৰা যিসকল লোকে খাদ্য সামগ্ৰী লাভ কৰে ৷তেওঁলোকলৈয়ো বিশেষ সুবিধা আগবঢ়াব অসম চৰকাৰে ৷এই সন্দৰ্ভত মুখ্য সচিব সঞ্জয় কৃষ্ণই জানিবলৈ দিয়ে যে ৰেচন কাৰ্ডৰ গৰাকীসকলক চৰকাৰে প্ৰতিমাহে পাঁচ কিলোগ্ৰাম চাউল আৰু এক কিলোগ্ৰাম দাইল তিনিমাহ বিনামূলীয়াকৈ যোগান ধৰিব ৷কম আয়ৰ লোকসকলে যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্য সচিবজনে প্ৰকাশ কৰে ৷

Exit mobile version