অসমত প্ৰথমজন কৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে ।৫২ বছৰীয়া ব্যক্তিজনৰ ঘৰ কৰিমগঞ্জৰ। শিলচৰ মেডিকেল কলেজত প্ৰথম ব্যক্তিজনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয় ৷ইয়াৰ পিছত পুনেৰ NIV পৰীক্ষা কৰি ব্যক্তিজন কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ইয়াৰ পিছত স্বাস্থ্য বিভাগে ব্যক্তিজন কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰে ৷
আনহাতে কিছুদিন পূৰ্বে ব্যক্তিজন জাৰ্মানীৰ পৰা আহিছিল ।ইফালে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছে ইতিমধ্যে অন্যান্য দেশৰ লগতে ভাৰততো প্ৰতিদিনে সংহাৰী ৰূপ লৈছে ৷ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে যুদ্ধংদেহি প্ৰস্তুতি কৰিছে ৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ক স্বাস্থ্যবিভাগে কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰিব পৰাকৈ যাৱতীয় প্ৰস্তুতি কৰিছে ।
লগতে চিকিৎসক,নাৰ্চসকলৰ লগতে স্বাস্থ্য বিভাগৰ লগত জৰিত প্ৰত্যেকজন কৰ্মীকে উপযুক্ত প্ৰশিক্ষণ দিয়া হৈছে । উল্লেখ্য যে এই পৰ্যন্ত ভাৰতত প্ৰায় ১২৫১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷
ADVERTISEMENT