অসমত এই পৰ্যন্ত এজনো ক’ভিদ-১৯ ত আক্ৰান্ত ৰোগীৰ তথ্য পোহৰলৈ অহা নাই। ৰাজ্যৰ স্বাস্থ্য বিভাগে আশংকা ব্যক্ত কৰি আহিছে মাৰাত্মক ভাইৰাছবিধ অসমলৈ বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ পৰাই সংক্ৰমনৰ সম্ভৱনা অধিক। সেয়েহে দেশৰ কেৰেলাকে ধৰি যিকেইখন ৰাজ্যত ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱে উদ্বেগজনক ৰূপ লৈছে তাৰ পৰা অসমলৈ অহা লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। উল্লেখ্য যে অসমৰ বৃহৎ সংখ্যক লোক কেৰেলা, কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যত কৰ্মৰত হৈ আছে। ক’ভিদ-১৯ ৰ সংক্ৰমনৰ পাছতে সেইসকল লোক অসমলৈ উভতিবলৈ ধৰাৰ পিছত তেনে লোকসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
ৰাজ্যখনৰ বাবে আজিৰ দিনটোত সু-খবৰ এয়া যে তেনেদৰে বহিঃ ৰাজ্যৰ পৰা অহা প্ৰথমটো দলৰ আজি ১৪ দিনীয়া হোম কোৱাৰেণ্টাইন অন্ত পৰাৰ পিছতে তেওঁলোকৰ কোনেও ভাইৰাছত আক্ৰান্ত নোহোৱাটো আজি নিশ্চিত হয়। প্ৰথমটো দল যোৱা ১৩ মাৰ্চত উপস্থিত হৈছিল। কাইলৈ দ্বিতীয়টো দলৰ হোম কোৱাৰেণ্টাইন শেষ হ’ব। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিয়মীয়া পৰ্যালোচনা বৈঠকত আলোচিত হোৱা অনুসৰি ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত নোহোৱা এই ধাৰাটো অহা ১০ দিনলৈ অব্যাহত থাকিলে অসমে এক বৃহৎ বিপদৰ পৰা ৰক্ষা পৰাৰ এটি বৃহৎ ঢাপ অতিক্ৰম কৰিব।
অন্যহাতে, কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত আজিলৈকে কমেও ৪৩০ টা নমুনা ৰাজ্যৰ নিৰ্ধাৰিত পৰীক্ষাগাৰকেইটাত পৰীক্ষা কৰা আটাইকেইটা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে । প্ৰসংগক্ৰমে উল্লেখ্য যে আজিৰ পৰা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালতো ক’ভিদ-১৯ ৰ নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে।