কৰ’না ভাইৰাছ ঘাতকলৈ পৰিণত হ’ব পাৰে ম’বাইল ফোনটো

GettyImages 1203861957

1203861957

কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এতিয়া সকলো হৈ পৰিছে গৃহবন্দী। পৃথিৱীৰ কোন দেশত কি হৈছে সেই খবৰ জানিবলৈ বাতৰি কাকতত চকু ৰখাৰ সামন্তৰালভাৱে হাতত সৰ্বক্ষণৰ সংগী হৈ পৰিছে ম’বাইল ফোনটো। কৰ’না সংক্ৰান্ত প্ৰতিটো খবৰ ম’বাইল ফোনযোগে লাভ কৰি থকাৰ সময়তে ঘাতকলৈ ৰূপান্তৰিত হোৱা ফোনটোক লৈ কিন্তু সচেতন হ’ব পৰা নাই একাংশ লোক। দিনটোৰ অধিক সময় ম’বাইলটোৰে ব্যস্ত হৈ থকাত সাধাৰণ সময়তো কান্ধৰ বিষৰ বাহিৰেও আঙুলি আৰু গাঁঠিৰ যন্ত্ৰণা তথা চকুৰ বাবে মাৰাত্মক বিপদ কঢ়িয়াই আনিব পাৰে।

কিন্তু বৰ্তমান সময়ত সন্ত্ৰাস সৃষ্টি হৈছে ম’বাইলটোৰ যোগেৰে কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ সকলো সময়তে হাতেৰে স্পৰ্শ কৰি থকা ম’বাইলটোৰ মাধ্যমত শৰীৰলৈ অতি সহজে সংক্ৰমণ হ’ব পাৰে কৰ’না ভাইৰাছৰ। ম’বাইলটোৰ যিকোনো অংশতে থাকিব পাৰে কৰ’না ভাইৰাছ। স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সন্দীপ চেটাৰ্জীৰ মতে সাৱধান নহ’লে বৰ্তমান সময়ত ম’বাইলটো হৈ পৰিব পাৰে অতি ভয়ানক। কৰ’না ভাইৰাছ সংক্ৰমনৰ ক্ষেত্ৰত সঘনাই হাত ধোৱা, মাস্ক পৰিধান, হাতমোজা পৰিধান আদিৰে নিজে সতৰ্ক হ’লেও ম’বাইলৰ ক্ষেত্ৰত সকলোৱে গা এৰা দিয়া মনোভাৱ লৈ আছে।

অথচ আমি সকলোৱে জানো কৰ’না ভাইৰাছে অতি সহজে সংক্ৰমণ ঘটাব পৰা নাক, চকু-মুখৰ একেবাৰে ওচৰত থকা ম’বাইল ফোনটো। আমি কাৰোবাৰ স’তে কথা-বতৰা হোৱাৰ সময়ত ম’বাইল ফোনটোৱে কাণখন স্পৰ্শ কৰি থাকে। অথচ ফোনটো কাণত লগাই ৰখাত অতি ক্ষণিকৰ বাবেও উদ্বিগ্ন নহ’ও। নাক-কাণ আৰু মুখৰ সতে কাণৰ ব্যৱধান যৎসামান্য। এনে সময়ত সংক্ৰমন হোৱাৰ সম্ভাৱনা অতিকৈ বেছি। সম্প্ৰতি তলাবন্ধৰ বাবে আমি ঘৰতে অধিক সময় থাকিলেও ক্ষন্তেকৰ বাবে বজাৰ দোকানলৈ যোৱাৰ সময়তো হাততে থাকে ফোনটো। এনে অৱস্থাত ফোনটোলৈ কৰ’না ভাইৰাছ সংক্ৰমনৰ সম্ভৱনা অতি বেছি।

অৱশ্যে এই ক্ষেত্ৰত কিছু সুৰক্ষামূলক ব্যৱস্থাৰ উপায়ো দিছে স্নায়ুৰোগ বিষেকজ্ঞজনে। কৰ্মক্ষেত্ৰ অথবা বজাৰ-দোকানৰ পৰা আহি আমি পোনে পোনে বাথৰুমলৈ গৈ সাজ-পোছাকসলনি কৰি গা ধোৱাৰ ক্ষেত্ৰত আমি অতিকৈ সচেতন। কিন্তু ম’বাইল ফোনটো একেদৰে থাকি যায়। ডাঃ চেটাৰ্জীৰ মতে আমি বাহিৰৰ পৰা আহি ম’বাইলটো পাতল কাপোৰ এখনেৰে পৰিষ্কাৰকৈ মচি ল’ব লাগে। তাৰপাছত চেনিটাইজাৰ অথবা কীটনাশকেৰে ম’বাইলটো পৰিষ্কাৰ কৰি ল’ব লাগে। দিনৰ ভাগত ফোনটো কিছু সময়ৰ বাবে ৰ’দতো দিব লাগে। এনে সতৰ্কতা অৱলম্বন কৰিলে অন্তত কিছু হ’লেও ফোনটো কৰ’না ভাইৰাছ মুক্ত হোৱাৰ আশা কৰা হৈছে।

Exit mobile version