“দেউতা তুমি য’তে আছা তাতেই থাকা”

IMG 20200404 WA0008

কৰ’না সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ  অন্তিম স্তৰত থিয় হৈ  আছে ভাৰত  । তৃতীয় পৰ্যায়ত উপনীত হ’লেই দেশত এই মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰাটো কাৰ্যত: অসম্ভৱ হৈ পৰিব  । এনে পৰিস্থিতিত একমাত্ৰ আশা হৈছে তলাবন্ধ  ।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২১ দিনীয়া  তলাবন্ধৰ বাবে কৰ্মসূত্ৰে দূৰত থকা বহু লোকেই বিপাঙত পৰিছে  ।  ঘৰলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টাত বহুতেই তলাবন্ধৰ নিয়ম ভঙাও পৰিলক্ষিত হৈছে  ।  এনে সময়তে এজনী সৰু ছোৱালীয়ে কৰ্মসূত্ৰে বিশেষ স্থানত থকা পিতৃলৈ লিখা এখন পত্ৰ টুইট কৰি দেশবাসীৰ প্ৰতি সচেতনতাৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে  ।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইত কৰা উক্ত ভিডিঅ’ত দেখা গৈছে  যে এজনী সৰু ছোৱালীয়ে নিজৰ পঢ়া টেবুলত বহি এখন চিঠি লিখিছে  ।  কৰ্মসূত্ৰে নিদিষ্ট স্থানত থকা নিজৰ পিতৃক উদ্দেশ্য কৰি কনমানিজনীয়ে লিখিছে, ‘দেউতা,  তোমাৰ কথা মোৰ এবাৰো মনত পৰা নাই  ।  কষ্টও হোৱা নাই  ।  মাৰো কোনো অসুবিধা হোৱা নাই   ।  লৰালৰিকৈ ঘৰলৈ অহা কোনো প্ৰয়োজন নাই  ।  য’তে আছা,  তাতেই থাকা  ।  তুমি যদি সেইস্থানৰ পৰা ওলাই আহা,  তেতিয়া কৰ’না জিকি যাব  । আমি কৰ’নাক হৰুৱাব বিচাৰো  ।  নহয়নে দেউতা ?’      প্ৰধানমন্ত্ৰীয়ে টুইট কৰা এই কণমানি কৰ’না যোদ্ধাৰ চিঠি লিখাৰ ভিডিঅ’টোৱে অধিকাংশ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ হৃদয় স্পৰ্শ কৰে  ।  তলাবন্ধৰ মাজতো যেতিয়া ঘনাই অসচেতন নাগৰিকৰ কাৰ্যকলাপ কিছুমান সদৰী হৈ আছে,  তেনে সময়তে এজনী কণমানিয়ে বিপদত উদ্ধাৰৰ দিশ দেখুৱাইছে আতংকিত সাধাৰণ জনতাক  ।  স্বাভাৱিকতে যথেষ্ট প্ৰশংসা লাভ কৰিছে ভিডিঅ’টোৱে  ।  হো হোৱাই বাঢ়িছে লাইক,  কমেন্ট আৰু ভিউৱাৰৰ সংখ্যা  ।  বহুতেই মন্তব্য কৰিছে যে এইদৰে গৃহবন্দী হৈ থাকিয়ে আমি কৰ’নাৰ যুদ্ধ জয়ী হ’ম  ।  আকৌ কোনো কোনোৱে আশা ব্যক্ত কৰিছে যে এই কণমানি কৰ’না যোদ্ধাৰ এই বাৰ্তাই দায়িত্বজ্ঞানহীন নাগৰিকসকলৰ গালত প্ৰচণ্ড চৰ বহুৱাইছে  ।  এতিয়াৰ পৰা হয়তো সকলো সচেতন হ’ব  ।

Exit mobile version