কৰ’না সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ অন্তিম স্তৰত থিয় হৈ আছে ভাৰত । তৃতীয় পৰ্যায়ত উপনীত হ’লেই দেশত এই মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰাটো কাৰ্যত: অসম্ভৱ হৈ পৰিব । এনে পৰিস্থিতিত একমাত্ৰ আশা হৈছে তলাবন্ধ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২১ দিনীয়া তলাবন্ধৰ বাবে কৰ্মসূত্ৰে দূৰত থকা বহু লোকেই বিপাঙত পৰিছে । ঘৰলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টাত বহুতেই তলাবন্ধৰ নিয়ম ভঙাও পৰিলক্ষিত হৈছে । এনে সময়তে এজনী সৰু ছোৱালীয়ে কৰ্মসূত্ৰে বিশেষ স্থানত থকা পিতৃলৈ লিখা এখন পত্ৰ টুইট কৰি দেশবাসীৰ প্ৰতি সচেতনতাৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইত কৰা উক্ত ভিডিঅ’ত দেখা গৈছে যে এজনী সৰু ছোৱালীয়ে নিজৰ পঢ়া টেবুলত বহি এখন চিঠি লিখিছে । কৰ্মসূত্ৰে নিদিষ্ট স্থানত থকা নিজৰ পিতৃক উদ্দেশ্য কৰি কনমানিজনীয়ে লিখিছে, ‘দেউতা, তোমাৰ কথা মোৰ এবাৰো মনত পৰা নাই । কষ্টও হোৱা নাই । মাৰো কোনো অসুবিধা হোৱা নাই । লৰালৰিকৈ ঘৰলৈ অহা কোনো প্ৰয়োজন নাই । য’তে আছা, তাতেই থাকা । তুমি যদি সেইস্থানৰ পৰা ওলাই আহা, তেতিয়া কৰ’না জিকি যাব । আমি কৰ’নাক হৰুৱাব বিচাৰো । নহয়নে দেউতা ?’ প্ৰধানমন্ত্ৰীয়ে টুইট কৰা এই কণমানি কৰ’না যোদ্ধাৰ চিঠি লিখাৰ ভিডিঅ’টোৱে অধিকাংশ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ হৃদয় স্পৰ্শ কৰে । তলাবন্ধৰ মাজতো যেতিয়া ঘনাই অসচেতন নাগৰিকৰ কাৰ্যকলাপ কিছুমান সদৰী হৈ আছে, তেনে সময়তে এজনী কণমানিয়ে বিপদত উদ্ধাৰৰ দিশ দেখুৱাইছে আতংকিত সাধাৰণ জনতাক । স্বাভাৱিকতে যথেষ্ট প্ৰশংসা লাভ কৰিছে ভিডিঅ’টোৱে । হো হোৱাই বাঢ়িছে লাইক, কমেন্ট আৰু ভিউৱাৰৰ সংখ্যা । বহুতেই মন্তব্য কৰিছে যে এইদৰে গৃহবন্দী হৈ থাকিয়ে আমি কৰ’নাৰ যুদ্ধ জয়ী হ’ম । আকৌ কোনো কোনোৱে আশা ব্যক্ত কৰিছে যে এই কণমানি কৰ’না যোদ্ধাৰ এই বাৰ্তাই দায়িত্বজ্ঞানহীন নাগৰিকসকলৰ গালত প্ৰচণ্ড চৰ বহুৱাইছে । এতিয়াৰ পৰা হয়তো সকলো সচেতন হ’ব ।





























