ভয়াৱহ পৰিস্থিতিৰ মাজত বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ

trump coronavirus omg 4

বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছে সম্প্ৰতি আমেৰিকাত বিধ্বংসী ৰূপ লৈছে । ইয়াত পৰিস্থিতি ইটালীতকৈ ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে ৷ বিগত ২৪ ঘন্টাত আমেৰিকাত কৰ’নাত আক্ৰান্ত হৈ ডেৰ হেজাৰ লোকৰ মৃত্যু হৈছে ৷ কোনো কাৰণতে এই প্ৰাণঘাতী ভাইৰাছক ৰোধ কৰিব পৰা নাই আমেৰিকাই ৷ সৰ্বাধিক মৃত্যু হৈছে নিউয়ৰ্কত ৷ ইয়াত প্ৰতি আঢ়ৈ মিনিটত এজনকৈ লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত মৃতকৰ সংখ্যা সাত হেজাৰলৈ বৃদ্ধি পাইছে ৷ জনছ হপকিন্স ইউনিভাৰ্চিটিৰ তথ্য অনুসৰি দেশখনত  আক্ৰান্তৰ সংখ্যা দুই লাখ ৭৭ হেজাৰৰো অধিক ৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সাংবাদিকক কয় যে প্ৰতিজন আমেৰিকানক নিজকে সুৰক্ষিত ৰাখিবলৈ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে ৷ এয়া অৱশ্যে নাগৰিকসকলৰ ইচ্ছা অনুসৰি কৰিব পাৰিব বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে ৷

ইপিনে কিছু পৰিমাণে কৰ’নাৰ বিৰুদ্ধে যুজঁত লাহে লাহে থিয় হ’বলৈ আৰম্ভ কৰিছে ইটালী আৰু স্পেইনে। বিগত কিছুদিনৰ তুলনাত মৃত্যুৰ হাৰ দুয়োখন ৰাষ্ট্ৰতে হ্ৰাস পাইছে ৷ তথ্য অনুসৰি ইটালীত মৃত্যুৰ সংখ্যা ১৪ হেজাৰৰো অধিক আৰু স্পেইনত ১১ হেজাৰৰো অধিক । আক্ৰান্তৰ সংখ্যা দুয়োখন দেশতে এক লাখ ১৯ হেজাৰ ৷ স্পেইনৰ উপ স্বাস্থ্য মুৰব্বীয়ে কয় যে দেশত আক্ৰান্তৰ সংখ্যা সাত শতাংশ বৃদ্ধি হৈছিল। বিগত এক সপ্তাহৰ ভিতৰত এই সংখ্যা সৰ্বনিম্ন ৷ এই তথ্যৰ ভিত্তিত স্পেইনৰ বুকুত আশা জাগি উঠিছে । অৱশ্যে দেশখনত তলাবন্ধৰ সময়সীমা আৰু কিছু সপ্তাহ বৃদ্ধি পাব পাৰে ৷ ইটালীত মৃত্যুৰ সংখ্যা হ্ৰাস পালেও পৰিস্থিতি সুস্থিৰ নোহোৱা কাৰণে তলাবন্ধৰ ম্যাদ বৃদ্ধি পাব পাৰে ৷

ইপিনে আন্তৰ্জাতিক আদালতত চীনৰ বিৰুদ্ধে গোচৰ দিছে আমেৰিকাই ৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে চীন কৰ’নাক সন্দৰ্ভত তথ্য লুকুৱাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই কয় যে চাৰি মাহ ধৰি জাল বিস্তাৰ কৰা কৰ’নাৰ প্ৰকোপ সম্প্ৰতি হ্ৰাস পোৱাতো দূৰৰে কথা ক্ৰমাৎ বৃদ্ধি পাইছে  ৷ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১১ লক্ষ স্পৰ্শ কৰিবলৈ লৈছে ৷ আৰু মৃতকৰ সংখ্যা হৈছে ৫৮ হেজাৰৰো অধিক ৷

 

Exit mobile version